ETV Bharat / state

১০০ কোটি টকা ব্যয় সাপেক্ষে আকৰ্ষণীয় ৰূপত সজাই তোলা হ'ব মুছলপুৰ

author img

By

Published : Oct 2, 2021, 7:17 PM IST

মুছলপুৰক অসমৰ ভিতৰতে এখন সুন্দৰ, আকৰ্ষণীয় চহৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে বিটিআৰ চৰকাৰে । ১০০ কোটি টকা ব্যয় সাপেক্ষে চহৰখন নতুন ৰূপত নিৰ্মাণ কৰা হ'ব । শনিবাৰে, বিটিআৰৰ মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই মুছলপুৰস্থিত সাংস্কৃতিক ভৱনৰ পুনৰ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ আহি এই মন্তব্য কৰে ।

100 crore for development of Mushalpur
১০০ কোটি টকা ব্যয় সাপেক্ষে সজাই তোলা হ'ব মুছলপুৰ

বাক্সা, ২ অক্টোবৰ: শনিবাৰে বাক্সাৰ মুছলপুৰত সাংস্কৃতিক ভৱনৰ পুনৰ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ লয় বিটিআৰৰ মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই । ১০ কোটি টকা ব্যয় সাপেক্ষে এই সাংস্কৃতিক ভৱনটো পুনৰ নিৰ্মাণ কৰা হৈছে । লগতে অতিথিশালাও নিৰ্মাণ কৰা হৈছে । শনিবাৰে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সকলোকে কাম ভালদৰে কৰিবলৈ নিৰ্দেশ দিয়ে কাৰ্যবাহী সদস্যগৰাকীয়ে ।

কামত হেমাহি কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও তেওঁ সকীয়াই দিয়ে । তেওঁ কয় যে, অচিৰেই ১০০ কোটি টকা ব্যয় সাপেক্ষে আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰা হ'ব মুছলপুৰ চহৰ । অসমৰ ভিতৰতে আটকধুনীয়া ৰূপত সজাই তোলা হ'ব চহৰখন । ইতিমধ্যে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

১০০ কোটি টকা ব্যয় সাপেক্ষে আকৰ্ষণীয় ৰূপত সজাই তোলা হ'ব মুছলপুৰ

মুছলপুৰ চহৰখনৰ আধুনিক ৰূপত সজাই তুলি প্ৰযোজনীয় সা-সুবিধা উপলব্ধ কৰোৱা হ'ব । আনহাতে,বিপিএফৰ শাসন কালত দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ তুলি তেওঁ কয় যে, মুছলপুৰ আৰু দিহিৰা সমষ্টিত ৫০ গৰাকী এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত লোকৰ লগতে ধৰি মুঠ এক হাজাৰগৰাকী দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰূদ্ধে তালিকা প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

লগতে পঢ়ক:গান্ধী জয়ন্তীৰ পুৱাতে ৰাজহুৱা পুখুৰী চাফা কৰিলে বজালীৰ উপায়ুক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.