শুকুৰবাৰে সমগ্ৰ ৰাজ্যজুৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বাৰা পালন কৰা হয় বড়োলেণ্ড দাবী দিৱস ৷ তথ্যনুসাৰী ১৯৮৭চনৰ ২ মাৰ্চত নিখিল বড়ো ছাত্ৰ সন্থাই উক্ত দিনটোতেপ্ৰথমবাৰ বাবে পৃথক বড়ো ৰাজ্যৰ দাবী কৰিছিল । "DIVIDE ASSAM 50/50" শ্ল'গানেৰে কৰা আন্দোলনত এই পৰ্যন্ত ৫ হাজাৰতকৈ অধিক লোক শ্বহীদ হয় যদিওদীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে সংগঠনটোৱে।
আনহাতে বড়োলেণ্ড দাবী দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ বিটিএডিত মটৰ চাইকেল ৰেলী উলিয়াইনিখিল বড়ো ছাত্ৰ সন্থাই ৷ বাক্সাৰ গোৰেশ্বৰ,মহৰিপৰা, উত্তৰ ৰঙিয়া আৰু শুক্লাই ছেৰফাং আঞ্চলিক সমিতিয়ে উলিয়াই বাইকৰেলী ৷ গোৰেশ্বৰস্থিত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগণৰ পৰা আৰম্ভ কৰি পাঁচ শতাধিক কৰ্মী সমৰ্থকে বাইক ৰেলীৰে পূব বাক্সাৰ গোৰেশ্বৰ,মহৰিপাৰা, নাওকাটা, শুক্লাই ছেৰফাঙৰ আদি অঞ্চলত বাইক ৰেলী কৰে ৷ আনহাতে জিলাখনৰ তামুলপুৰৰ আঞ্চলিক এবছুৰ মাদাৰবাৰী শাখা সমিতিৰ উদ্যোগতো বিশাল কাৰ্যসূচীৰ আয়োজন কৰে ।