তামুলপুৰ, ১১ মাৰ্চঃ তামুলপুৰত এবিএমছুৰ সংবাদমেল । সংবাদমেলত এবিএমছুৰ সভাপতি টাইচন হুচেইনে বিদেশী ন্যায়াধিকৰণ, অসম চৰকাৰ আৰু সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক তীব্ৰ সমলোচনা কৰে । সীমান্ত আৰক্ষীৰ নাভূত-নাশ্ৰুত কাণ্ডৰ প্ৰতি জাঙোৰ খাই উঠিছে তামুলপুৰ জিলাৰ এবিএমছু ।
সংবাদমেলত সভাপতি গৰাকীয়ে উল্লেখ কৰে তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ নিবাসী চৈয়দ চৌৰাফ আলীক ২০১৭ চনৰ পৰা তিনিবাৰকৈ বিদেশী ন্যায়াধিকৰণৰ জাননী প্ৰেৰণ কৰাৰ কথা । ২০১৭ আৰু ২১০৮ ত দুবাৰকৈ ভাৰতীয় নাগৰকিত্বৰ প্ৰমাণ প্ৰত্ৰ লাভ কৰাৰ পিচত তৃতীয়বাৰৰ বাবে বিদেশীৰ জাননী প্ৰেৰণ কৰা কাৰ্যত ক্ষুদ্ধ হৈ পৰিছে এবিএমছুৰ সভাপতি গৰাকী । ২০১৭ চনত প্ৰথমবাৰৰ বাবে চৈয়দ চৌৰাফ আলীক বিদেশী বুলি জাননী প্ৰেৰণ কৰাৰ পিচত আদালতত দ্বাৰস্থ হৈ ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ লাভ কৰিছিল লোকজনে । আনহাতে ২০১৮ চনতো আদালতৰ পৰা স্বদেশীৰ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল চৈয়দ চৌৰাফ আলীয়ে । কিন্তু পৰিতাপৰ বিষয় এইযে পুনৰ একেজন ব্যক্তিকে ২০১৯ ৰ জানুৱাৰী মাহত সীমান্ত আৰক্ষীয়ে প্ৰেৰণ কৰিছে বিদেশী নাগৰীকত্বৰ জাননী । যাক লৈ জাঙুৰ খাই উঠিছে ভুক্তোভুগি চৈয়দ চৌৰাফ আলী আৰু তামুলপুৰ জিলাৰ এবিএমছু ।
ইয়াৰ পাচতেই সংবাদ মেল যোগেদি তামুলপুৰ জিলা এবিএমছুই সীমান্ত আৰক্ষী, অসম চৰকাৰ আৰু সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক সকিয়াই দিছে যাতে বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক এনেদৰে হাৰাশাস্তি দি নাথাকে অন্যথা এবিএছুই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ দিয়ে ।