ETV Bharat / sports

Tokyo Olympics: প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ পি ভি সিন্ধুৰ - Tokyo Olympics 2020 news update

বুধবাৰৰ ‘গ্ৰুপ J’ৰ মেচত হং কঙৰ নাই ছিউঙক (NY Cheung) পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ পি ভি সিন্ধুৰ (P V Sindhu)

Tokyo Olympics, Day 6: PV Sindhu beats Hong Kong's NY Cheung in Women's Singles Group J match
অলিম্পিকৰ 6ষ্ঠ দিন: প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ পি ভি সিন্ধু
author img

By

Published : Jul 28, 2021, 10:01 AM IST

স্পৰ্টচ ডেস্ক, 28 জুলাই : টকিঅ’ অলিম্পিকৰ (Tokyo Olympics 2020) প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ ভাৰতীয় মহিলা বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুৰ (P V Sindhu) ৷ বুধবাৰৰ ‘গ্ৰুপ J’ৰ মেচখনত হং কঙৰ নাই ছিউঙক (NY Cheung) পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে সিন্ধুৱে ৷ 35 মিনিটৰ খেলখনত সিন্ধুৱে নাই ছিউঙক (NY Cheung) প্ৰথম ৰাউণ্ডত 21-9 আৰু দ্বিতীয় ৰাউণ্ডত 21-16ত পৰাস্ত কৰে ৷

2016ৰ ৰিঅ’ অলিম্পিকত (2016 Rio Olympics) ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল 26 বৰ্ষীয় ভাৰতীয় মহিলা বেডমিন্টন খেলুৱৈগৰাকীয়ে ৷ আনহাতে, প্ৰি-কোৱাৰ্টাৰৰ খেলখনত বিশ্বৰ মহিলা বেডমিন্টন খেলুৱৈৰ তালিকাত 7ম স্থানত থকা সিন্ধুৱে তালিকাৰ 12 নম্বৰ স্থানত থকা ডেনমাৰ্কৰ খেলুৱৈ মিয়া ব্লিছফেল্ডৰ (Mia Blichfeldt) মুখামুখী হ’ব ৷ ব্লিছফেল্ডৰ সম্প্ৰতি ‘গ্ৰুপ I’ৰ শীৰ্ষ স্থানত আছে ৷

লগতে পঢ়ক- Tokyo Olympics : প্ৰতিপক্ষক হৰুৱাই বক্সিঙৰ কোৱাটাৰ ফাইনেলত লাভলীনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.