ETV Bharat / sports

Tokyo Olympics : প্ৰতিপক্ষক হৰুৱাই বক্সিঙৰ কোৱাটাৰ ফাইনেলত লাভলীনা

মঙলবাৰে অলিম্পিকৰ (Tokyo Olympic 2020) অভিষেক মেচত জয়লাভ লাভলীনা বৰগোঁহাইৰ (Lovlina Borgohain) ৷ জাৰ্মান বক্সাৰ নাদিনে আপেটজক পৰাজয় কৰিবলৈ সক্ষম হয় লাভলীনাই ৷

lovlina beats german boxer Nadine Apetz at round 16
অভিষেক মেচত জয়লাভ লাভলীনাৰ
author img

By

Published : Jul 27, 2021, 11:53 AM IST

স্পৰ্টচ ডেস্ক, 27 জুলাই : অলিম্পিকৰ (Tokyo Olympic 2020) অভিষেক মেছত জয়লাভ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ ৷ মঙলবাৰে মহিলাৰ 69 কি:গ্ৰা: শাখাৰ ৰাউণ্ড 16 ৰ মেছখনত জাৰ্মান বক্সাৰ নাদিনে আপেটজক পৰাজিত কৰে দুবাৰকৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ মেডেল প্ৰাপ্ত লাভলীনাই ৷

উল্লেখ্য যে, চলিত অলিম্পিকত ভাৰতীয় বক্সাৰ সকলে এতিয়ালৈকে আশাব্যঞ্জক ফলাফল দাঙি ধৰিব পৰা নাই । একমাত্ৰ বিজয়ী ভাৰতীয় মেৰী কমক বাদ দি বিকাশ কৃষ্ণ, মনীষ কৌশিক আৰু আশিস কুমাৰ আদি খেলুৱৈ সকলে ইতিমধ্য বিফলতাৰ মুখ দেখিছে ৷ লাভলীনাৰ এই বিজয়ে উৎসাহিত কৰি তুলিছে সকলোকে ৷

আনহাতে, লাভলীনাৰ প্ৰতিদ্বন্দী নাদিনে আপেটজো দুবাৰৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ মেডেল প্ৰাপ্ত খেলুৱৈ ৷ আজিৰ মেছখন আছিল প্ৰি কোৱাৰ্টাৰ ফাইনেল (Pre-Quarter final) পৰ্যায়ৰ এখন মেচ ৷ 30 জুলাইত কোৱাৰ্টাৰ ফাইনেল মেচত ৰিঙত সোমাব লাভলীনা ৷

লগতে পঢ়ক- Olympic ত লাভলীনাৰ অভিষেক : ৰাইজৰ মনত উৎসুকতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.