ETV Bharat / sports

Tokyo Paralympics লৈ ৰাওনা ভাৰতীয় দল - টকিঅ' পেৰা অলিম্পিক

টকিঅ' অলিম্পিকৰ পাচত এইবাৰ Tokyo Paralympicsলৈ বুলি ৰাওনা হৈছে ভাৰতীয় দল ৷ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ মুঠ 54 গৰাকী para-athletes ৰাওনা হৈছে টকিঅ'লৈ ৷ এই 54গৰাকী খেলুৱৈয়ে ৯টা ক্ৰীড়া শাখাত দেশক প্ৰতিনিধিত্ব কৰিব ৷ Paralympic Gamesৰ বাবে ভাৰতৰ পৰা যোৱা দলৰ ভিতৰত এইবাৰৰ দলটোৱে সৰ্ববৃহৎ দল ৷

Indian contingent leaves for Tokyo Paralympics
Tokyo Paralympicsলৈ ৰাওনা ভাৰতীয় দল
author img

By

Published : Aug 18, 2021, 11:24 AM IST

স্পৰ্টছ ডেস্ক, 18 আগষ্ট : টকিঅ' অলিম্পিক(Tokyo Olympics)ত ভাৰতীয় দলে এটা স্বৰ্ণপদক, দুটা ৰূপৰ পদক আৰু 4টা ব্ৰঞ্জৰ পদকসহ দেশলৈ উভতি অহাৰ পাচত এইবাৰ টকিঅ' পেৰা অলিম্পিক(Tokyo Paralympics)ত অংশ লোৱাৰ বাবে ভাৰতৰ দল(Indian contingent) ৰাওনা হৈছে ৷ বুধবাৰে পুৱাৰ ভাগতে দিল্লী(Delhi)ৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট( Indira Gandhi International airport)ৰ পৰা ভাৰতীয় দলটো 2020 Paralympicsৰ বাবে ৰাওনা হয় ৷

প্ৰস্থানৰ পূৰ্বে ভাৰতৰ Javelin thrower টেক চান্দে(Tek Chand) পদক আনিবলৈ তেওঁ যথাসাধ্য চেষ্টা কৰিব বুলি মন্তব্য কৰে ৷ টেক চান্দে কয়, "কিছুমান সমস্যা আছিল, কিন্তু এইবিলাক জীৱনৰ অংশ ৷ মই সেইসমূহ অতিক্ৰম কৰিলো ৷ আজি মই দেশৰ বাবে খেলিবলৈ গৈ আছো"৷

লগতে পঢ়ক : বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা

Discus thrower বিনোদ কুমাৰে কয় যে, মানুহ নিজক কেতিয়াও মন আৰু হৃদয়ৰ পৰা অক্ষম কৰিব নালাগে ৷

কুমাৰে কয়, "মই 29 আগষ্টত খেলিম ৷ যিমান সম্ভৱ সিমান পদক জিকিবলৈ আমি চেষ্টা কৰিম ৷ এইবাৰ প্ৰথমবাৰৰ বাবে একেলগে 54গৰাকী খেলুৱৈ খেলত অংশ ল'বলৈ গৈ আছে ৷ আমি মন আৰু হৃদয়ৰ পৰা কেতিয়াও অক্ষম হোৱা উচিত নহয়" ৷ ভাৰতৰ পেৰা অলিম্পিক কমিটি(Paralympic Committee of India)ৰ সভাপতি দীপা মালিকে(Deepa Malik) ভাৰতীয় দলটোক আকাৰত যথেষ্ট ডাঙৰ দেখা গৈছে বুলি মন্তব্য কৰে ৷ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ভাৰতীয় দলটোক শুভেচ্ছা দিছে বুলি মালিকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : SBKF International Championship ত দুটাকৈ সোণৰ পদক দখল কুঞ্জলতাৰ

উল্লেখ্য যে, মুঠ 9টা ক্ৰীড়া শাখা(sports discipline)ত দেশক প্ৰতিনিধিত্ব কৰিবলৈ 54 জন para-athletes টকিঅ'লৈ যাব ৷ এতিয়ালৈকে Paralympic Games ভাৰতক প্ৰতিনিধিত্ব কৰা দলসমূহৰ ভিতৰত এইটোৱে আটাইতকৈ ডাঙৰ দল ৷ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে Tokyo 2020 Paralympic Gamesলৈ ৰাওনা হোৱা খেলুৱৈ, তেওঁলোকৰ পৰিয়াল, আভিভাৱক আৰু প্ৰশিক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স(video conferencing)ৰ জৰিয়তে বাৰ্তালাপ কৰে ৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে para-athlete সকলক তেওঁলোকৰ আত্মবিশ্বাস আৰু ইচ্ছাশক্তিৰ বাবে প্ৰশংসা কৰে ৷ এথলীটসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত Tokyo 2020 Paralympic Gamesত ভাৰতে নতুন ইতিহাস সৃষ্টি কৰিব বুলি তেওঁ আশাবাদী বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক : ENG v IND : বুমৰাহ-শ্বামীৰ আক্ৰমণাত্মক বলিঙেৰে বিজয়ৰ শিখৰ চুলে ভাৰতে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.