স্প’ৰ্টছ ডেস্ক, 27 জুলাই : আজি ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই(Lovelina Borgohain) ৷ বিগত 24 জুলাইত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত অনুষ্ঠিত হোৱা বক্সিঙৰ প্ৰথম ৰাউণ্ডৰ খেলখনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল লাভলীনাই ৷ অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ হিচাপে অলিম্পিক (Olympic)ত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰা লাভলীনা সন্মুখীন হ’ব জাৰ্মানীৰ বক্সাৰ নাদিন আপেটজৰ ৷
আজি অনুষ্ঠিত হ’ব লগীয়া লাভলীনাৰ মেচখন হ’ব প্ৰি কোৱাৰ্টাৰ ফাইনেল (Pre-Quarter final) পৰ্যায়ৰ এখন মেচ ৷ এই মেচ খনত তেওঁৰ প্ৰতিদ্বন্দী হ’ব লগীয়া জাৰ্মানীৰ 35 বৰ্ষীয় মহিলা বক্সাৰ নাদিনে আপেটজ(German boxer Nadine Apetz) ৷ আপেটজে ইতিপূৰ্বে লাভলীনাৰ দৰেই মহিলা বক্সিঙৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ(world boxing championship)ত দুবাৰকৈ ব্ৰঞ্জৰ পদক দখল কৰিছে ৷ নাদিন আপেটজৰ শেহতীয়া সফলতা হৈছে 2019 চনৰ ইউৰোপিয়ান গেমচত লাভ কৰা ব্ৰঞ্জৰ পদক ৷
উল্লেখ্য যে, চলিত অলিম্পিকত ভাৰতীয় বক্সাৰ সকলে এতিয়ালৈকে আশাব্যঞ্জক ফলাফল দাঙি ধৰিব পৰা নাই । একমাত্ৰ বিজয়ী ভাৰতীয় মেৰী কমক বাদ দি বিকাশ কৃষ্ণ, মনীষ কৌশিক আৰু আশীষ কুমাৰ আদি খেলুৱৈ সকলে ইতিমধ্য বিফলতাৰ মুখ দেখিছে ৷ কোকুগিকান এৰেনাত জাৰ্মানীৰ নাডিন এপেটজৰ বিৰুদ্ধে ৰিঙত ভৰি দিয়াৰ সময়ত লাভলীনাই দেশৰ বাবে সুখবৰ কঢ়িয়াই আনিব বুলিও আশা কৰিছে ভাৰতীয় বক্সিঙ(Indian boxing)ৰ অনুৰাগী সকলে ৷
লগতে পঢ়ক : Tokyo Olympics : প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত লাভলীনা