স্পৰ্টছ ডেস্ক, 14 আগষ্ট : বিশ্বৰ শীৰ্ষ স্থানৰ টেনিছ তাৰকা ন'ভাক জক'ভিকে বৃহস্পতিবাৰে ইউএছ অ'পেনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷ তেওঁ কয় যে, এই সিদ্ধান্ত গ্ৰহণ কৰাটো তেওঁৰ বাবে সহজ নাছিল কিন্তু অন্তিম মুহূৰ্তত গুৰুত্বপূৰ্ণ গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ নিশ্চিতি প্ৰদান কৰে ৷

জক'ভিচে টুইটাৰৰ জৰিয়তে কয়, "মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী যে, এই বছৰৰ চিনচিন্নাটী অ'পেন আৰু ইউএছ অ'পেনত মই অংশগ্ৰহণ কৰিম ৷ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বাবে মোৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা সহজ নাছিল ৷ কিন্তু প্ৰতিযোগিতাত যোগদান কৰিবৰ বাবে মই অধীৰ আগ্ৰহেৰে বাট চাইছো ৷"
পূৰ্বে ডিফেণ্ডিং চেম্পিয়ন ৰাফেল নাডালে ঘোষণা কৰিছিল যে, তেওঁ ইউএছ অ'পেনত অংশগ্ৰহণ নকৰে ৷ অষ্ট্ৰেলিয়াৰ নিক কিৰ্গিঅছেও এই প্ৰতিযোগিতাৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছে ৷

বিশ্বৰ দ্বিতীয় স্থানৰ টেনিছ তাৰকা নাডালে পূৰ্বে মন্তব্য কৰিছিল, "বহু চিন্তাৰ অন্তত মই এই প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ বিশ্বজুৰি ক'ভিড-19 ৰ পৰিস্থিতি সংকটজনক হৈ আছে ৷ এয়া নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছে ৷"
উল্লেখ্য যে, আঘাতৰ সমস্যাৰ বাবে ৰ'জাৰ ফেডেৰাৰেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰে ৷ 31 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰলৈ নিউয়ৰ্কত অনুষ্ঠিত হ'ব ইউএছ অ'পেন ৷ বন্ধ ষ্টেডিয়ামৰ মাজত আয়োজন কৰা হ'ব সকলো মেচ ৷

উল্লেখ্য যে, জুন মাহত জক'ভিক আৰু তেওঁৰ পত্নী জেলেনা কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল ৷
লগতে পঢ়ক : পাকিস্তান-ইংলেণ্ড মাজৰ দ্বিতীয় টেষ্টত বৰষুণৰ বিধি-পথালি