স্পৰ্টছ ডেস্ক, 9 ছেপ্তেম্বৰ : ৰাফেল নাডালৰ বিৰুদ্ধে কঠিন যুঁজৰ অন্তত পৰাস্ত হোৱাৰ পাছত নাডালৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হোৱাটো যথেষ্ট কষ্টকৰ বুলি মন্তব্য কৰিছে ডেনিল মেডভেডেভে ৷ স্পেইনৰ তাৰকা খেলুৱৈ নাডালৰ বিৰুদ্ধে ইউ এছ অ'পেনৰ ফাইনেলত পাঁচ ঘন্টাৰ যুঁজত 7-5, 6-3, 5-7, 4-6, 6-4 ছেটত পৰাস্ত হয় মেডভেডেভ ৷

ইউ এছ অ'পেনৰ অ'ফিচিয়েল ৱেবছাইটতে মেডভেডেভৰ উক্তি প্ৰকাশ কৰি কয় যে, নাডালৰ বিৰুদ্ধে কোনো মেচত অৱতীৰ্ণ হোৱাটো বহু কষ্টকৰ ৷

উল্লেখ্য যে, এই টুৰ্ণামেন্টৰ জৰিয়তে নাডালে চতুৰ্থ সংখ্যক ইউ এছ অ'পেন দখল কৰাৰ লগতে কেৰিয়াৰৰ 19 সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি, ৰ'জাৰ ফেডেৰাৰে গঢ়া 20 টাকৈ গ্ৰেণ্ডশ্লামৰ অভিলেখ চুবলৈ নাডালক আৰু এটা গ্ৰেণ্ডশ্লাম জয়ৰ প্ৰয়োজন ৷