স্পৰ্টছ ডেস্ক, 20 জুনঃ ইউএছ অ'পেন আৰু পেৰালিম্পিকছত কাৰ্য গ্ৰহণ কৰা এগৰাকী টেনিছ আম্পায়াৰক দুৰ্নীতিৰ চেষ্টা কৰাৰ ৰিপৰ্ট অথবা অভিযোগ উৰ্ধতম কৰ্তৃপক্ষক নিদিয়াৰ বাবেই আঢ়ৈ বছৰৰ বাবে কৰা হ'ল নিলম্বন । খেলৰ সময়ত স্ক'ৰ সাল-সলনি কৰাৰ অভিযোগৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰাৰ বাবে এই শাস্তি বিহা হৈছে আম্পায়ৰজনক ।
শুকুৰবাৰে টেনিছ ইণ্টেগ্ৰিটি ইউনিটেয়ে সদৰি কৰিছে এই কথা । ভেনিজুৱেলাৰ 40 বছৰীয়া অৰ্মানণ্ডো বেলাৰ্ডি গঞ্জালেজ নামৰ টেনিছ আম্পায়াৰগৰাকীক নিলম্বনৰ লগতে $ 5000 টকাৰ জৰিমনাও বিহা হৈছে । অৱশ্য়ে লোকজনে যেতিয়ালৈ আকৌ এবাৰ দুৰ্নীতি দমন নীতিৰ আইন ভংগ নকৰে সেই পৰ্যন্ত এক হাজাৰ ডলাৰ জৰিমনা ভৰিলেই হ'ব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য় যে, বেলাৰ্ডি গঞ্জালেজ এজন 2013 চনৰ পৰাই ব্ৰঞ্জ বেজপ্ৰাপ্ত অধ্যক্ষ আম্পায়াৰ । তেওঁ 2017 আৰু 2018 ইউএছ অ'পেন আৰু 2016 চনত ৰিঅ' পেৰালিম্পিকছতো নিজৰ দায়িত্ব পালন কৰিছে ।
টেনিছ ইণ্টেগ্ৰিটি ইউনিটে কৈছে যে, 2018 ত বেলাৰ্ডিক দুবাৰকৈ আম্পায়াৰ ডিজিটেল প্ৰযুক্তিত প্ৰৱেশ কৰি মেচৰ স্ক'ৰ সাল-সলনি কৰি দুৰ্নীতি পৰিকল্পনাত জড়িত থাকিবলৈ যোগাযোগ কৰা হৈছিল ।
তেওঁক যি কৰিবলৈ কোৱা হৈছিল তেওঁ সেইয়া কৰা নাছিল বুলি উল্লেখ কৰে যদিও তেওঁ এই কাম কৰিব দিয়াৰ বিষয়ে প্ৰকাশ কৰা নাছিল । যিটো খেলৰ দুৰ্নীতি দমন আইনৰ পৰিপন্থী । যাৰ বাবে টেনিছ ইণ্টেগ্ৰিটি ইউনিটৰ প্ৰমাণৰ ভিত্তিতেই ৰিচাৰ্ড মেক্ লাৰেনে এই শুনানি গ্ৰহণ কৰি এই শাস্তি প্ৰদান কৰা হয় আম্পায়াৰগৰাকীক ।