ETV Bharat / sports

ইটালীত অনুষ্ঠিত এটিপি 250 ৰ পৰা বাহিৰ সুমিত নাগাল

author img

By

Published : Apr 7, 2021, 11:13 AM IST

ইটালীত অনুষ্ঠিত এটিপি 250 ৰ পৰা বাহিৰ সুমিত নাগাল ৷ শ্লোভাকিয়াৰ জোজেফ কোভালিকৰ বিৰুদ্ধে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় নাগাল ৷

সুমিত নাগাল
সুমিত নাগাল

স্পৰ্টছ ডেস্ক, 7 এপ্ৰিল : এটিপি 250 চৰদেগনা অপেনৰ পৰা বাহিৰ হৈছে ভাৰতৰ সুমিত নাগাল ৷ মঙলবাৰে অনুষ্ঠিত মেচত কঠিন যুঁজৰ অন্তত শ্লোভাকিয়াৰ জোজেফ কোভালিকৰ বিৰুদ্ধে পৰাস্ত হয় নাগাল ৷

বিশ্বৰ 136 সংখ্যক ৰেংকৰ নাগাল আৰু 124 সংখ্যক ৰেংকৰ কোভালিকে কোৱালিফায়িং ৰাউণ্ডৰ জৰিয়তে মেইন ড্ৰ'ত স্থান লাভ কৰিছিল ৷ দুঘন্টা 13 মিনিটৰ যুঁজত শ্লোভাকিয়াৰ খেলুৱৈ গৰাকীয়ে নাগালক 3-6, 6-1, 6-3 ব্যৱধানত পৰাস্ত কৰে ৷

ইয়াৰ পূৰ্বে কোৱালিফায়িং ৰাউণ্ডৰ দুয়োখন মেচতে নাগালে পোনপটীয়া ছেটত জয়ী হ'বলৈ সক্ষম হৈছিল ৷

প্ৰথম কোৱালিফায়িং মেচত এন্দ্ৰিয়া পেলেগ্ৰিনোক 6-3, 6-4 ব্যৱধানত পৰাস্ত কৰে নাগালে ৷ আনহাতে, দ্বিতীয় কোৱালিফায়িং মেচত ফ্ৰান্সৰ মেক্সিম জেনভিয়েৰক 6-2, 6-1 ব্যৱধানত পৰাস্ত কৰি মেইন ড্ৰ'ত স্থান লাভ কৰিছিল নাগালে ৷

লগতে পঢ়ক : আজি পাকিস্তানৰ বিৰুদ্ধে নিৰ্ণায়ক এদিনীয়াত দক্ষিণ আফ্ৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.