ETV Bharat / sports

টেনিছ কৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিয়ে খিতাপ অৰ্জন ছানিয়াৰ - Sania and Kichenok beat 6-4, 6-4.

হ’বাৰ্ট ইণ্টাৰনেশ্বনেল টুৰ্ণামেণ্টৰ খিতাপ জয় ছানিয়া মিৰ্জা আৰু নাডিয়া কিচন’কৰ যুটিৰ ৷ মাতৃত্বৰ দুটা বছৰ পাচত দুৰ্দান্তভাৱে টেনিছ কৰ্টত প্ৰত্যাৱৰ্তন ভাৰতীয় তাৰকা টেনিছ খেলুৱৈগৰাকীৰ ৷

টেনিছ কৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিয়ে খিতাপ অৰ্জন ছানিয়াৰ

author img

By

Published : Jan 18, 2020, 12:44 PM IST

স্পৰ্টছ ডেস্ক, 18 জানুৱাৰীঃ মাতৃত্ব লাভ কৰাৰ দুটা বছৰ পাচত পুনৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে টেনিছ জগতলৈ প্ৰত্যাৱৰ্তন কৰিছে ভাৰতীয় তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই ৷ হ’বাৰ্ট ইণ্টাৰনেশ্বনেল টুৰ্ণামেণ্টৰ মহিলা ডাবল্ছৰ খিতাপ দখল কৰিলে ছানিয়া আৰু নাডিয়াই ৷ ফাইনেলত চীনৰ ঝাং শ্বুৱেই আৰু পেং শ্বুৱেইক (Zhang Shuai-Peng Shuai) 6-4, 6-4 প্ৰত্যক্ষ ছেটত পৰাস্ত কৰি ফাইনেলৰ খিতাপ জয় কৰিবলৈ সক্ষম হয় ভাৰতৰ ছানিয়া আৰু ইউক্ৰেইনৰ নাডিয়া কিচন’কৰ যুটিটোৱে ৷

হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ খিতাপ জয়
হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ খিতাপ জয় ছানিয়া আৰু নাডিয়াৰ

উল্লেখ্য যে, শুকুৰবাৰে ছেমিফাইনেলত ছানিয়া আৰু নাডিয়া কিচন’কৰ যুঁটিটোৱে শ্লোভেনিয়াৰ তামাৰা জিদানচে আৰু চেক গণৰাজ্যৰ মাৰি বুজকোৱাক এক ঘণ্টা 24 মিনিটলৈ চলা মেচখনত 7-6, 6-2 ছেটত পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

মাতৃত্ব লাভ কৰাৰ সুদীৰ্ঘ দুটা বছৰৰ পাচত এইটো প্ৰথম আন্তঃৰাষ্ট্ৰীয় খিতাপ ছানিয়াৰ ৷ 2017 বৰ্ষৰ অক্টোবৰ মাহত শেষবাৰৰ বাবে চীন অ‘পেনত অৱতীৰ্ণ হৈছিল ছানিয়া ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.