স্পৰ্টছ ডেস্ক, ৩ মাৰ্চঃ শনিবাৰে ছুইজাৰলেণ্ডৰ টেনিছ খেলুৱৈ ৰ'জাৰ ফেডেৰৰ নামত খোদিত হ'ল এক নতুন অভিলেখ । ডুবাই টেনিছ চেম্পিয়নশ্বিপত য়ুনানৰ খেলুৱৈ ষ্টেফেনছ ছিটছিপাছক ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত কৰি দখল কৰিলে নিজৰ টেনিছ কেৰিয়াৰৰ ১০০ সংখ্য়ক ছিংগলছ খিতাপ ।
এই কৃতিত্বৰে এনে কৰা বিশ্বৰ দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈ হ'ল ফেডেৰৰ । ইয়াৰ পূৰ্বে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল জিম্মী ক'ননৰ্ছে । তেওঁৰ নামত আছে টেনিছ ছিংগলছৰ ১০৯ টা খিতাপ ।
আনহাতে টেনিছ জগতৰ আটাইতকৈ বেছি ছিংগল খিতাপ জয় কৰা অভিলেখ আছে মহিলা টেনিছ খেলুৱৈ মাৰ্টিনা নবৰাতিলোভাৰ নামত । ১৬৭ টা খিতাপ অৰ্জনেৰে এই অভিলেখৰ গৰাকী হৈছে মাৰ্টিনা ।