স্পৰ্টছ ডেস্ক, 10 অক্টোবৰ : পেৰিচত হৈ থকা 13সংখ্যক ফ্ৰান্স অপেনৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰাফেল নাডালে ৷ 34 বৰ্ষীয় খেলুৱৈগৰাকীয়ে 6-3, 6-3, 7-6 (7/0)ৰে পোনপটীয়া ছেটত আৰ্জেন্টিনাৰ ডিয়াগ' ছ্ৱাৰ্টজমানক পৰাস্ত্ৰ কৰি ফাইনেলত প্ৰৱেশ কৰে ৷ ফাইনেলত নভাক জ'কভিছৰ সৈতে মুখামুখি হ'ব নাডাল ৷
![নভাক জ'কভিছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/merlin_178190865_ba9a3695-924e-407c-b81c-5470fb893669-articlelarge_1010newsroom_1602291861_514.jpg)
ৰোলান্ড গাৰোচত অনুষ্ঠিত হোৱা খেলখনত নাডালৰ এয়া হৈছে কেৰিয়াৰৰ 99 সংখ্যক জয় ৷ 2005ত টেনিচৰ কেৰিয়াৰ আৰম্ভ কৰা নাডালে ৰজাৰ ফেডেৰাৰৰ অভিলেখ সংখ্যক 20টা গ্ৰেণ্ড শ্লাম খিতাপৰ শাৰী চুবলৈ এটা বিজয়েৰে পিচপৰি আছে ৷
2016ৰ ফ্ৰান্স অপেনৰ চেম্পিয়ন নভাক জ'কভিছে তেওঁৰ কেৰিয়াৰৰ 18সংখ্যক গ্ৰেণ্ড শ্লামত নাডালৰ সৈতে অৱতীৰ্ণ হ'ব ৷ দ্বিতীয়খন ছেমি-ফাইলেনত জ'কভিছে গ্ৰীচৰ ষ্টেফানোচ চিটছিপাছক পৰাস্ত্ৰ কৰে ৷
![ৰাফেল নাডাল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/2020-10-05t132819z_2059716988_rc2dcj96ztsi_rtrmadp_3_tennis-frenchopen-1-1600x1198_1010newsroom_1602291861_707.jpg)
লগতে পঢ়ক : ইউ এছ অ’পেনৰ চেম্পিয়ন নাওমী অ’ছাকা