ETV Bharat / sports

মিয়ামি অ'পেন ফাইনেলত ইটালীৰ ১৯ বছৰীয়া য়ানিক চিনাৰ - Miami Open

মিয়ামি পুৰুষৰ ফাইনেলত উপনিত হৈছে প্ৰাক্তন জুনিয়ৰ স্কিইং চেম্পিয়ন য়ানিক চিনাৰ । চিনাৰে ফাইনেলত পোলেণ্ডৰ হুবাৰ্ট হুৰ্কাজৰ মুখামুখি হ'ব । মহিলাৰ পক্ষত ১ নম্বৰ স্থানত থকা এশ্ব বাৰ্টিয়ে শনিবাৰে তেওঁৰ দ্বিতীয় মিয়ামি খিতাপৰ বাবে ৮ নম্বৰ স্থানত থকা বিয়াংকা আণ্ড্ৰেস্কুৰ বিৰুদ্ধে খেলিব ।

মিয়ামি অ'পেন ফাইনেলত ইটালীৰ ১৯ বছৰীয়া য়ানিক চিনাৰ

author img

By

Published : Apr 3, 2021, 4:37 PM IST

স্পৰ্টছ ডেস্ক,৩ এপ্ৰিল: মিয়ামি অ'পেনত দুৰ্দান্ত প্ৰদৰ্শন ইটালীৰ টেনিছ খেলুৱৈ য়ানিক চিনাৰৰ । মিয়ামি পুৰুষৰ ফাইনেলত উপনিত হৈছে প্ৰাক্তন জুনিয়ৰ স্কিইং চেম্পিয়ন য়ানিক চিনাৰ । নভাক জকোভিচ, ৰাফায়েল নাডাল আৰু এণ্ডাৰ আগচিৰ পিছতে ফাইনেলত উপনিত হোৱা ১৯ বছৰীয়া চিনাৰ চতুৰ্থজন খেলুৱৈ । ফাইনেলত উপনিত হোৱাৰ পিছতে চিনাৰৰ মন্তব্য "ই অতি আনন্দৰ কথা কিন্তু ইয়াতে সকলো শেষ নহয়" । লগতে উল্লেখ কৰে যে তেওঁ এটা দীঘল খিতাপৰ দৌৰত আছে; কিন্তু এইটো এটা প্ৰতিযোগিতাৰ মাত্ৰ এটা সপ্তাহতে কৰা হোৱা নাই ।

উল্লেখ্য় যে ১৩ বছৰ বয়সতে টেনিছ খেল বাছনি কৰা চিনাৰে কেৱল তেওঁৰ তৃতীয় শীৰ্ষ পৰ্যায়ৰ এটিপি ইভেণ্টত খেলি আছে । তেওঁ ছেমিফাইনেলত স্পেনিছ কাউণ্টাৰ পাঞ্চাৰ ৰবাৰ্টো বাটিষ্টা আগুটক ৫-৭ ৬-৪ ৬-৪ ত পৰাজিত কৰিছে ।

চিনাৰে ফাইনেলত পোলেণ্ডৰ হুবাৰ্ট হুৰ্কাজৰ মুখামুখি হ'ব । ইফালে জকোভিচ, নাডাল আৰু ৰজাৰ ফেডেৰেৰে ছেমিফাইনেলত মুখ থেকেচা খাই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । তিনিওজন তাৰকাৰ কথা উল্লেখ কৰি চিনাৰে কয় যে তেওঁৰ এটা ভাল দল আছে । কিয়নো সকলোৰে অৱগত যে এই প্ৰতিযোগিতাত বহু খেলুৱৈ অৱতীৰ্ণ হ'ব পৰা নাই বিশেষকৈ সেই তিনিজন তাৰকা । চিনাৰে ৭৮ নম্বৰ স্থানৰ পৰা উন্নত প্ৰদৰ্শনৰ দ্বাৰা ২১ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে মহিলাৰ পক্ষত ১ নম্বৰ স্থানত থকা এশ্ব বাৰ্টিয়ে শনিবাৰে তেওঁৰ দ্বিতীয় মিয়ামি খিতাপৰ বাবে ৮ নম্বৰ স্থানত থকা বিয়াংকা আণ্ড্ৰেস্কুৰ বিৰুদ্ধে খেলিব । আণ্ড্ৰেস্কুৰ মতে তেওঁ প্ৰত্যাহ্বান ভাল পাই, কাৰণ তেওঁ জ্ঞাত যে বাৰ্টিয়ে তেওঁৰ বাবে এক প্ৰত্যাহ্বানৰ কাৰণ হ'ব ।

লগতে পঢ়ক:ঋষভ পাণ্ট সম্ভৱত মই দেখা সৰ্বশ্ৰেষ্ঠ যুৱ খেলুৱৈ:ছেম ৱিলিংছ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.