ETV Bharat / sports

মই বহু নিৰাশাবাদী : টেনিছলৈ প্ৰত্যাৱৰ্তন সন্দৰ্ভত নাডালৰ মন্তব্য় - পেশাদাৰী টেনিছলৈ প্ৰত্যাৱৰ্তনক লৈ নিৰাশাবাদী নাডাল

টেনিছলৈ প্ৰত্যাৱৰ্তনক লৈ নিৰাশাবাদী নাডাল ৷ এক ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈগৰাকীয়ে ৷

টেনিছলৈ প্ৰত্যাৱৰ্তন সন্দৰ্ভত নাডালৰ মন্তব্য়
মই বহু নিৰাশাবাদী : নাডাল
author img

By

Published : Apr 27, 2020, 7:29 PM IST

স্পৰ্টছ ডেস্ক, 27 এপ্ৰিল : 19 টাকৈ গ্ৰেণ্ডশ্লাম জয়ী আৰু বিশ্বৰ দ্বিতীয় স্থানৰ টেনিছ তাৰকা ৰাফেল নাডালে সোমবাৰে মন্তব্য কৰিছে যে, COVID-19 মহামাৰীৰ ফলত পেশাদাৰী টেনিছলৈ প্ৰত্যাৱৰ্তনক লৈ তেওঁ বহু নিৰাশাবাদী ৷

তেওঁ কয়, "মোৰ দৃষ্টিত সাধাৰণ জনজীৱন ঘূৰি অহাক লৈ মই বহু নিৰাশাবাদী ৷ স্পেনিছ ফেডাৰেছন অৱ টেনিছে (RFET) আয়োজন কৰা এক ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈগৰাকীয়ে ৷ এই কনফাৰেন্সত উপস্থিত থাকে যোবা বছৰ ডেভিছ কাপজয়ী দলৰ সদস্যসকল ৷

নাডালে কয়,"টেনিছত আপুনি প্ৰতি সপ্তাহতে ভ্ৰমণ কৰিব লাগে,হোটেলত থাকিব লাগে আৰু বিভিন্ন দেশলৈও যাব লাগে ৷ আমি দৰ্শকৰ অবিহনে খেলিলেও এই টুৰ্ণামেন্ট আয়োজনৰ বাবে বহু লোকৰ প্ৰয়োজন হয় ৷ সেয়েহে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মই, ই এক গুৰুতৰ সমস্যা হিচাপে থিয় দিয়া বুলি ভাবো ৷"

নাডালে লগতে কয়,"আমি বহু কষ্টকৰ ডেৰ মাহ পাৰ কৰিছো ৷ আমি কিছুসংখ্যক অপূৰণীয় ক্ষতিৰ সন্মুখীন হ'ব লগা হ'লো ৷ বহু লোকে নিজৰ চাকৰি হেৰুৱাইছে ৷ লাখ লাখ লোকৰ মৃত্যু হোৱাটো সঁচাকৈ বহু দুখৰ কথা ৷" উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে নাডালে তেওঁৰ বাস্কেটবল খেলুৱৈ বন্ধু পাও গাছোলৰ সৈতে পুঁজি সংগ্ৰহ কৰিছে ৷ এই সময়ছোৱাত আৰ্থিকভাৱে দুৰ্বল খেলুৱৈসকলৰ বাবে পুঁজি সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে বিশ্ব শীৰ্ষ স্থানৰ খেলুৱৈ ৰাফেল নাডাল, ৰ'জাৰ ফেডেৰাৰ আৰু ন'ভাক জ'ক'ভিচ ৷

লগতে চাওকঃ সমগ্ৰ বিশ্বত লকডাউনৰ মাজতে বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.