স্পোৰ্টচ ডেক্স,26 ফেব্ৰুৱাৰীঃ বুধবাৰে অৱসৰৰ কথা ঘোষণা কৰে বিশ্বৰ প্ৰাক্তন শীৰ্ষস্থানৰ টেনিচ খেলুৱৈ মাৰিয়া চাৰাপোভাই ৷ পাঁচবাৰৰ ‘গ্ৰেণ্ড শ্লাম’ খিতাপ বিজয়ী চাৰাপোভাই বিগত কিছুদিন ধৰি কান্ধৰ সমস্যাত ভূগাৰ বাবে 373 স্থানলৈ অৱনমিত হয় ৷ এক সংবাদ মাধ্যমত এই দুখ প্ৰকাশ কৰি খেলুৱৈগৰাকীয়ে এক প্ৰৱন্ধত লিখে যে, "আপুনি ইমান দিনে জানি অহা একমাত্ৰ জীৱনটোৰ আঁৰত কেনেদৰে জীয়াই থাকিব ? বাল্যকালৰে পৰা আপুনি যিখন কোৰ্টত নিজৰ প্ৰিয় খেলটোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে, যি খেলে আপোনাক অশ্ৰুৰ লগতে আনন্দ প্ৰদান কৰি আহিছে-যি খেলৰ জৰিয়তে আপুনি পৰিয়ালৰ লগতে সুদীৰ্ঘ 28 বছৰে আপোনাক আন্তৰিকতা প্ৰদান কৰি অহা অনুৰাগীসকলক লাভ কৰিছে, তাৰ পৰা আঁতৰি আপুনি কেনেদৰে খোজ দিব?"
"মই ইয়াৰ বাবে একেবাৰে নতুন, গতিকে মোক ক্ষমা কৰিব ৷ টেনিচ-মই চিৰবিদায় মাগিছো ৷"
লগতে পঢ়ক-পুনৰ তদন্ত হ'ব ডেনিয়েল তপ্ন হত্যাকাণ্ডৰঃ সাংসদ পল্লৱ লোচন দাস