ETV Bharat / sports

ফ্ৰান্স অপেন জয়েৰে কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামত উপনীত নাডাল - ৰজাৰ ফেডাৰাৰ

13 তম ফ্ৰান্স অপেনৰ চেম্পিয়ন হয় ৰাফেল নাডাল ৷ এই বিজয়েৰে কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামত উপনীত হোৱাৰ লগতে পূৰ্বতে অভিলেখ সৃষ্টিকাৰী ৰজাৰ ফেডাৰাৰৰ সম-পৰ্যায়ত উপনীত হয় নাডাল ৷

French Open: Nadal beats Djokovic, equals Federer's 20 Grand Slams
13 তম গ্ৰেণ্ড শ্লামৰ সন্মান আফল নাডাললৈ
author img

By

Published : Oct 12, 2020, 7:40 AM IST

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰ : ৰাফেল নাডালে দেওবাৰে কেৰিয়াৰৰ 13 তম ফ্ৰান্স অপেনৰ শিৰোনাম লাভ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয় ৷ এই জয়ৰ দ্বাৰাই নিজৰ সুদীৰ্ঘ টেনিছ কেৰিয়াৰৰ 20সংখ্যক গ্ৰেণ্ড শ্লাম লাভ কৰাৰ লগতে ৰজাৰ ফেডাৰাৰৰ সৈতে সম-পৰ্যায়ত উপনীত হয় নাডাল ৷

ৰাফেল নাডালে তেওঁৰ প্ৰতিদ্বন্দী নভাক জকোভিকক 6-0, 6-2, 7-5 ছেটৰ ব্যৱধানত পৰাস্ত কৰি দেওবাৰে 13 তম ফ্ৰান্স অপেনত বিজয় সাব্যস্ত কৰে ৷ এইটো হৈছে নাডালৰ 20 তম গ্ৰেণ্ড শ্লাম শীৰ্ষক যি পুৰুষ একক খেলুৱৈৰ বাবে সৰ্বাধিক মুখ্য জয়ৰ বাবে ৰজাৰ ফেডাৰাৰৰ অভিলেখৰ সমান ।

উল্লেখ্য যে, 2018 চনত অষ্ট্ৰেলিয়ান অপেনৰ ফাইনেলত মেৰিন চিলিক পৰাস্ত কৰোতে ছিংগলছত 20 টা গ্ৰেণ্ড শ্লাম জয় কৰা প্ৰথম পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল ফেডাৰাৰ । ছুইছ মায়েষ্ট্ৰে 6 টা অষ্ট্ৰেলিয়ান অপেন, এটা ফ্ৰান্স অপেন, 8 টা উইলম্বন আৰু 5 টা ইউএছ অপেন শিৰোনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । 2005 চনত প্ৰথমে শীৰ্ষস্থান লাভ কৰা 38 বছৰীয়া নাডালে পেৰিছৰ টেৰে বাট্টাউত একেৰাহে চতুৰ্থবাৰ শীৰ্ষস্থান লাভ কৰিছিল ।

কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামত উপনীত নাডাল

লগতে পঢ়ক : ধৰ্ষণ কাণ্ডৰ গোচৰৰ মীমাংসা কৰিবলৈ গৈ আটক 5 জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.