ETV Bharat / sports

ফ্ৰেন্স অ'পেনৰ ফাইনেলত বিশ্বৰ দুই শীৰ্ষ তাৰকাৰ মুখামুখি - নভাক জক'ভিচ বনাম ৰাফেল নাডাল

বিশ্বৰ প্ৰথম আৰু দ্বিতীয় স্থানৰ টেনিছ তাৰকা নভাক জক'ভিচ আৰু ৰাফেল নাডালে দেওবাৰে ফ্ৰেন্স অপেনৰ ফাইনেলত মুখামুখি হ'ব ৷

ফ্ৰেন্স অ'পেনৰ ফাইনেলত বিশ্বৰ দুই শীৰ্ষ তাৰকাৰ মুখামুখি
নভাক জক'ভিচ আৰু ৰাফেল নাডাল
author img

By

Published : Oct 10, 2020, 5:34 PM IST

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰ : বিশ্বৰ শীৰ্ষ স্থানৰ নভাক জক'ভিচে আজি ফ্ৰেন্স অপেনৰ ফাইনেলত তেওঁৰ 'সৰ্ববৃহৎ প্ৰতিদ্বন্দ্বী' ৰাফেল নাডালৰ মুখামুখি হ'ব ৷ এয়া জক'ভিচৰ পঞ্চমটো ৰোলাণ্ড গাৰোজৰ ফাইনেলত প্ৰৱেশ ৷

উল্লেখ্য যে, যোৱা 15 বছৰত ৰোলাণ্ড গাৰোজত নাডালক পৰাস্ত কৰা দুই খেলুৱৈৰ অন্যতম হৈছে জক'ভিচ ৷ এই সম্পৰ্কত প্ৰশ্ন কৰাত জক'ভিচে কয়, "মোৰ কেৰিয়াৰত অন্য খেলুৱৈৰ তুলনাত তেওঁৰ সৈতে অধিক খেলিছো ৷ ক্ৰীড়া জগতৰ ইতিহাসত আমাৰ দুয়োজনৰ মুখামুখি বৃহৎ মুখামুখি বুলি গণ্য কৰা যায় ৷ আমি প্ৰায় 60 খন মেচত মুখামুখি হৈছো ৷ তেওঁ নিশ্চয়কৈ মোৰ 'সৰ্ববৃহৎ প্ৰতিদ্বন্দ্বী' ৷"

ফ্ৰেন্স অ'পেনৰ ফাইনেলত বিশ্বৰ দুই শীৰ্ষ তাৰকাৰ মুখামুখি

2016 বৰ্ষৰ ৰোলাণ্ড গাৰোজ চেম্পিয়ন তথা বিশ্বৰ শীৰ্ষ স্থানৰ জক'ভিচে পঞ্চম স্থানৰ গ্ৰীচৰ খেলুৱৈ তিছিতচিপাছক 6-3, 6-2, 5-7, 4-6, 6-1 ছেটত পৰাস্ত কৰে ৷

তিছিতচিপাছ সম্পৰ্কত মন্তব্য কৰি ডক'ভিচে কয়, "তেওঁ এজন যোদ্ধা ৷ তেওঁ বিশ্বৰ অন্যতম খেলুৱৈ ৷ নিশ্চয়কৈ, তেওঁ প্ৰথমটো গ্ৰেণ্ডশ্লামৰ ফাইনেলৰ বাবে যুঁজিছিল ৷ খেলখনত জয়ৰ বাবে তেওঁ বহু কষ্ট কৰিলে ৷ কিন্তু অন্তত তেওঁ দূৰ্বল হৈ পৰিল সেয়েহে মই সুবিধা লৈ জয়েৰে মেচৰ সামৰণি মাৰিলো ৷"

লগতে পঢ়ক : 42 তম জন্ম দিনত জাহিৰ খানক শুভেচ্ছা সতীৰ্থৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.