স্পৰ্টছ ডেস্ক, ২৬ এপ্ৰিলঃ এক তথ্য মতে, ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ক্লে কৰ্টৰ গ্ৰেণ্ডশ্লাম ২০২০ বৰ্ষৰ ফ্ৰেন্স অ'পেন প্ৰতিযোগিতাৰ । অৱশ্য়ে ইয়াৰ পূৰ্বে ২০ ছেপ্টেম্বৰৰ পৰা এই প্ৰতিযোগিতাৰ আৰম্ভ কৰাৰ দিন নিৰ্বাচিত কৰা হৈছিল বুলি জানিব পৰা গৈছিল। কিন্তু শেহতীয়াকৈ এক খবৰৰ ভিত্তিত পুনৰ ইয়াৰ দিন সাল-সলনি কৰি ২৭ ছেপ্টেম্বৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
সমগ্ৰ বিশ্বতে ত্ৰাসৰ কাৰক হৈ পৰা কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবেই প্ৰতিযোগিতাখন প্ৰথমে স্থগিত কৰা হৈছিল। এইবৰ্ষৰ মে' মাহৰ ২৪ তাৰিখৰ পৰা ৭ জুনলৈ অনুষ্ঠিত হ'বলগীয়া আছিল এই ফ্ৰেন্স অ'পেন টেনিছ প্ৰতিযোগিতাখন ।
প্ৰতিযোগিতাৰ স্থগিত কৰাৰ কথা প্ৰথমে ঘোষণা কৰা হৈছিল মাৰ্চ মাহত । অৱশ্য়ে এই ঘোষণাক লৈ সকলো খেলুৱৈয়ে আশ্চৰ্য প্ৰকাশ কৰিছিল। কাৰণ কোনো আলোচনা-বিলোচনা নকৰাকৈয়ে স্থগিত কৰা হৈছিল এই প্ৰতিযোগিতাখন ।
ইয়াৰ পূৰ্বে বিশ্ব টেনিছৰ খ্যাত নামা প্ৰতিযোগিতা উইম্বলডনৰ ২০২০ বৰ্ষৰ সংস্কৰণ বাতিল কৰা হয় । এই বৰ্ষৰ ২৯ জুনৰ পৰা ১২ জুলাইলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল উইম্বলডন । উল্লেখ্য যে,দ্বিতীয় বিশ্বযুদ্ধৰ পাচত প্ৰথমবাৰৰ বাবে বাতিল কৰা হৈছিল উইম্বলডন প্ৰতিযোগিতা । আনহাতে ইউএছ অ'পেনক লৈ বৰ্তমানলৈকে কোনো সিদ্ধান্ত ঘোষণা কৰা হোৱা নাই । কিন্তু মহিলাৰ গ্ৰেণ্ডশ্লাম ৰজাৰ্ছ কাপ ইতিমধ্যে বাতিল কৰা হৈছে ।