স্পৰ্টছ ডেস্ক, 24 জানুৱাৰীঃ শুকুৰবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিলে ছুইজাৰলেণ্ডৰ ৰ’জাৰ ফেডেৰৰ লগতে ছাৰ্বিয়াৰ ন’বাক জ’ক’ভিজে ৷
পাঁচ ছেটলৈ চলা এক ৰোমাঞ্চকৰ মেচত অষ্ট্ৰেলিয়াৰ মিলমেনক 4-6, 7-6, 6-4, 4-6, 7-6 ছেটত পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ফেডেৰৰ ৷ 4 ঘণ্টা 5 মিনিটলৈ চলে এই উত্তেজনাপূৰ্ণ মেচখন ৷
আনহাতে আন এক মেচত ডিফেণ্ডিং চেম্পিয়ন জ’ক’ভিজে জাপানৰ ইয়োশীহিতো নিশ্বিঅ’কা (Yoshihito Nishioka)ক 6-3, 6-2, 6-2 ছেটত পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷
- লগতে চাওক- গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণ সহ গ্ৰেপ্তাৰ এজন