স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ : মঙলবাৰে লণ্ডনৰ O2 এৰেনাত অনুষ্ঠিত এটিপি ফাইনেলছত ডমিনিক থিয়েমৰ হাতত পৰাস্ত হয় ৰাফেল নাডাল ৷ গ্ৰুপ লণ্ডন 2020 ৰ ৰাউণ্ড ৰবিন প্লে'ত বৰ্তমান 2-0 ৰে অগ্ৰগতি লাভ কৰিছে থিয়েমে ৷ ইয়াৰ জৰিয়তে ছেমি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে থিয়েমে ৷ ৰাউণ্ড ৰবিন মেচৰ ফাইনেলত অষ্ট্ৰিয়ান খেলুৱৈগৰাকীয়ে বৃহস্পতিবাৰে আন্দ্ৰে ৰোবলেভৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হ'ব ৷ নাডালক 7-6(7), 7-6(4) ছেটত পৰাস্ত কৰে থিয়েমে ৷
মেচৰ অন্তত থিয়েমে কয়, "এক উচ্চ পৰ্যায়ৰ মেচত অংশগ্ৰহণ কৰিলো ৷ মোৰ ছাৰ্ভক লৈ মই বহু সুখী, কিয়নো যেতিয়াই মই প্ৰথম ছাৰ্ভ লাভ কৰো পইন্ট জয় কৰাৰ সম্ভাৱনা অধিক থাকে ৷"
তেওঁ লগতে কয়, "প্ৰথমটো টাই ব্ৰেকৰ সময়ত মই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিলো...মোক ছাৰ্ভে বহু সহায় কৰিলে ৷ এয়া ইণ্ডোৰ টেনিছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্ট্ৰোক ৷ মই সুখী যে, মোৰ ছাৰ্ভে সহায় কৰিলে ৷"
উল্লেখ্য যে, মঙলবাৰে ডানি মেডভেডেভে পোনপটীয়া ছেটত পৰাস্ত কৰে আলেকজেণ্ডাৰ জোৱোৰেভক ৷ ৰাছিয়াৰ মেডভেডেভয়ে জাৰ্মান প্ৰতিপক্ষ আলেকজেণ্ডাৰৰ বিৰুদ্ধে 6-3, 6-4 ছেটত জয়ী হ'বলৈ সক্ষম হয় ৷
লগতে পঢ়ক : ড'পিঙৰ ইতিবাচক ফলাফলৰ বাবে দুবছৰলৈ নিষিদ্ধ ছাইনা