ETV Bharat / sports

এটিপি ফাইনেলছ : জক'ভিচক পৰাস্ত মেডভেডেভৰ - চতুৰ্থ স্থানৰ ৰাছিয়াৰ ডেনিল মেডভেডেভ

ডেনিল মেডভেডেভৰ হাতত পৰাস্ত নভাক জক'ভিচ ৷ জক'ভিচক 6-3, 6-3 ছেটত পৰাস্ত কৰে মেডভেডেভে ৷

এটিপি ফাইনেলছ
জক'ভিচক পৰাস্ত মেডভেডেভৰ
author img

By

Published : Nov 19, 2020, 12:46 PM IST

স্পৰ্টছ ডেস্ক, 19 নৱেম্বৰ : চলিত এটিপি ফাইনেলছত বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ নভাক জক'ভিচক 6-3, 6-3 ছেটত পৰাস্ত কৰে চতুৰ্থ স্থানৰ ৰাছিয়াৰ ডেনিল মেডভেডেভে ৷

যোৱা বছৰৰ ফাইনেলছত তিনিওখন গ্ৰুপ মেচতে পৰাস্ত হোৱা মেডভেডেভে এইবছৰৰ প্ৰথমখন মেচতে 2018 চনৰ চেম্পিয়ন আলেকজেণ্ডাৰ জোৱেৰেভক পোনপটীয়া ছেটত পৰাস্ত কৰিছিল ৷

Group Tokyo 1970 ৰ দ্বিতীয় ৰাউণ্ডত পাঁচবাৰৰ চেম্পিয়ন জক'ভিচৰ মুখামুখি হৈ 24 বছৰীয়া ৰাছিয়ান মেডভেডেভে ছাৰ্বিয়ান তাৰকাগৰাকীক নিজৰে ছাৰ্ভিচতে ভুল কৰিবলৈ বাধ্য কৰায় ৷

মেডভেডেভে কয়, "সঁচাকৈ ক'বলৈ হ'লে তেওঁ নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন নকৰিলে ৷ কিন্তু এয়া সকলোৰে সৈতে হয় ৷ মই সদায়ে কওঁ যে, শ্ৰেষ্ঠ তিনিজনেই চেম্পিয়ন আৰু তেওঁলোকক পৰাস্ত কৰাটো কঠিন ৷ তেওঁলোকৰ বেয়া দিনটো তেওঁলোকক পৰাস্ত কৰাটো কঠিন ৷ সেয়েহে এই জয়ত মই সুখী ৷"

জক'ভিচে কয়, "তেওঁ মোতকৈ ভাল প্ৰদৰ্শন কৰিলে ৷ প্ৰায় 15 মিনিটৰ বাবে মই সঠিক লয় বিচাৰি উলিয়াবলৈ সংঘৰ্ষ কৰিবলগা হয় ৷ সেই সুযোগতে তেওঁ অন্তিম সময়লৈকে নিজৰ ছাৰ্ভ ধৰি ৰাখিবলৈ সক্ষম হয় ৷"

ইয়াৰ পূৰ্বে জোৱেৰেভে আৰ্জেন্টিনাৰ ডিয়েগো স্বোৱাৰ্টজমেনক 6-3, 4-6, 6-3 ছেটত পৰাস্ত কৰি ছেমি ফাইনেলৰ আশা সজীব কৰি ৰাখিছে ৷

জোৱেৰেভে কয়, "ছেমি ফাইনেলত প্ৰৱেশৰ বাবে নিজকে আৰু এটা সুবিধা প্ৰদান কৰি মই সুখী আৰু শুকুৰবাৰৰ বাবে মই অধিৰ আগ্ৰহেৰে বাট চাইছো ৷"

উল্লেখ্য যে, শুকুৰবাৰে জোৱেৰেভে জক'ভিচৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

লগতে পঢ়ক : হোৱাইট বল ছিৰিজত একেলগে দেখা নাযাব বুমৰাহ, ছামীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.