ETV Bharat / sports

কৰ'ণাতংকঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পাচত প্ৰথমবাৰৰ বাবে বাতিল উইম্বলডন

author img

By

Published : Apr 2, 2020, 11:44 AM IST

কৰ'ণা ভাইৰাছৰ বিভীষিকাই বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰিছে জন-জীৱনৰ লগতে ক্ৰীড়াজগতত । টকিঅ' অলিম্পিকৰ পাচত এইবাৰ বাতিল কৰা হ'ল উইম্বলডন প্ৰতিযোগিতা ।

কৰ'ণাতংকঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পাচত প্ৰথমবাৰৰ বাবে বাতিল উইম্বলডন
কৰ'ণাতংকঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পাচত প্ৰথমবাৰৰ বাবে বাতিল উইম্বলডন

স্পৰ্টছ ডেস্ক, ২ এপ্ৰিলঃ ক্ৰীড়া প্ৰেমীলৈ আহিল আন এটা দুখবৰ । টকিঅ' অলিম্পিকৰ পাচত এইবাৰ বাতিল কৰা হ'ল ঐতিহ্য়পূৰ্ণ প্ৰতিযোগিতা উইম্বলডন । যোৱা ৭৫ টা বছৰে যি হোৱা নাছিল কৰ'ণা ভাইৰাছৰ ফলত সেয়াই সংঘটিত হ'ল এইবাৰ । দ্বিতীয় বিশ্বযুদ্ধৰ পাচত প্ৰথমবাৰৰ বাবে বাতিল কৰা হ'ল উইম্বলডন । আগন্তুক ২৯ জুনৰ পৰা আৰম্ভ হ'বলগীয়া আছিল এই প্ৰতিযোগিতাখন । কিন্তু কোভিড-১৯ মহামাৰীৰ ভয়াৱহ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখিয়ে শেহতীয়াকৈ এই প্ৰতিযোগিতা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

COVID-19
COVID-19

এই সন্দৰ্ভত ইংলেণ্ড লন টেনিছ ক্লাৱৰ চেয়াৰমেন ইয়ান হিউইটে কয় যে, এইয়া সিদ্ধান্তটো লোৱাটো আমাৰ বাবে যথেষ্ট কঠিন আছিল । বিশ্বযুদ্ধৰ বাদে কেতিয়াও এই প্ৰতিযোগিতা আয়োজনত ব্যাঘাত জন্মা নাছিল । কিন্তু বিশ্ব সংকটৰ সময়ত সকলো দিশ চালি-জাৰি চাই প্ৰতিযোগিতা বাতিল কৰাটোৱে সঠিক সিদ্ধান্ত হ'ব ।

এই প্ৰতিযোগিতাৰ আৰম্ভণি হৈছিল ১৮৭৭ চনত । প্ৰত্যকে বছৰে আয়োজন কৰা হৈছিল এই প্ৰতিযোগিতাৰ । কেৱল ১৯১৫-১৮ প্ৰথম বিশ্বযুদ্ধ আৰু ১৯৪০-৪৫ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বাতিল কৰা হৈছিল এই প্ৰতিযোগিতাৰ আয়োজন ।

ৰাফেল নাডাল টেনিছ খেলুৱৈ
ৰাফেল নাডাল টেনিছ খেলুৱৈ

উল্লেখ্য যে, ইংলেণ্ডৰ লণ্ডনত অহা ২৯ জুনৰ পৰা ১২ জুলাই লৈ অনুষ্ঠিত হোৱাৰ কথা আছিল উইম্বলডন । এতিয়া আগন্তুক বৰ্ষৰ ২৮ জুনৰ পৰা ১১ জুলাই লৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা ।

আইপিএল খেলুৱৈক দিয়া নহ'ব মাননী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.