ETV Bharat / sports

দৰ্শক বিহীন ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে বাতিল কৰক ফ্ৰেন্স অ'পেন : হেনৰী লেক'ন্টে

author img

By

Published : May 15, 2020, 3:03 PM IST

ফ্ৰেন্স অ'পেন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন টেনিছ খেলুৱৈ হেনৰী লেক'ন্টেৰ । খেলুৱৈগৰাকীয়ে ফ্ৰেন্স অ'পেন দৰ্শক বিহীন ষ্টেডিয়ামত অনুষ্ঠিত কৰাটো এটা ৰাজনৈতিক সিদ্ধান্ত । দৰ্শক বিহীন ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে ফ্ৰেন্স অ'পেন বাতিল কৰিব লাগে বুলি কয় ।

cancel french open rather than play without spectators leconte

স্পৰ্টছ ডেস্ক, ১৫ মে': বিশ্ব জুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইতিমধ্যে বন্ধ হৈ পৰিছে ক্ৰীড়া জগতৰ সকলো কাৰ্য-কলাপ । ইতিমধ্যে বাতিল তথা স্থগিত কৰা হৈছে বহু কেইটা নামি-দামী প্ৰতিযোগিতা । ইয়াৰ মাজতেই স্থগিত থৈ ৰোৱা গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতা ফ্ৰেন্স অ'পেনৰ অনুষ্ঠিত কৰাক লৈ এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফান্সৰ প্ৰাক্তন টেনিছ খেলুৱৈ হেনৰী লেক'ন্টেই । প্ৰাক্তন খেলুৱৈগৰাকীয়ে, দৰ্শক বিহীন ষ্টেডিয়ামত ফ্ৰেন্স অ'পেন আয়োজন কৰাক লৈ আপত্তি দৰ্শাই প্ৰতিযোগিতাখন বাতিল কৰাই উচিত বুলি মত পোষণ কৰে ।

উল্লেখ্য যে, শেহতীয়াকৈ ফ্ৰেন্স টেনিছ ফেডাৰেচনে অহা ২০ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোবৰলৈ নতুন তাৰিখ ঘোষণা কৰিছে ফ্ৰেন্স অ'পেন প্ৰতিযোগিতাখনৰ । ইয়াৰ পূৰ্বে ২৪ মে' পৰা ৭ জুন লৈ অনুষ্ঠিত হ'বলগীয়া আছিল এই প্ৰতিযোগিতা ।

প্ৰাক্তন টেনিছ খেলুৱৈ হেনৰী লেক'ন্টে
প্ৰাক্তন টেনিছ খেলুৱৈ হেনৰী লেক'ন্টে

হেনৰীয়ে কয়, খেলুৱৈৰ বাবে ইয়াৰ সৈতে মোকাবিলা কৰা অধিক কঠিন হ'ব । এইটো এটা ৰাজনৈতিক সিদ্ধান্ত । মই ভাৱো দৰ্শক বিহীন ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে বাতিল কৰিব লাগে ফ্ৰেন্স অ'পেন আৰু ২০২১ বৰ্ষৰ পৰা নতুনকৈ ছিজন আৰম্ভ কৰিব লাগে ।

ইয়াৰ পূৰ্বে ফ্ৰেন্স টেনিছ ফেডাৰেচনৰ প্ৰমুখ্য বৰ্নাৰ্ড গুইডিচেলিয়ে দৰ্শক বিহীন ষ্টেডিয়ামত ফ্ৰেন্স অ'পেন আয়োজনৰ কথা স্বীকাৰ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.