স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : চলিত টি-20 বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত পাকিস্তানক 5 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে অষ্ট্ৰেলিয়াই ৷ টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বলিঙৰ সিদ্ধান্ত ৷
মহম্মদ ৰিজৱান আৰু ফখৰ জামানৰ অৰ্ধ শতকেৰে চাৰিটা উইকেট হেৰুৱাই 176 ৰাণ সংগ্ৰহ কৰিছিল পাকিস্তানে ৷ ইনিংছৰ অপেনিং কৰি মহম্মদ ৰিজৱানে 52 টা বলত 67 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, জামানে 32 বলত 55 ৰাণ (নট আউট) সংগ্ৰহ কৰে ৷ ইয়াৰ উপৰিও বাবৰ আজমে সংগ্ৰহ কৰে 39 ৰাণ ৷
অষ্ট্ৰেলিয়াৰ হৈ ডেভিদ ৱাৰ্ণাৰে ৪৯ ৰাণ কৰাৰ লগতে মেথিউ ৱেডে ১৭ বলত অপৰাজিত ৪১ ৰাণ কৰে আৰু মাৰ্কাছ ষ্টইনিছে ৩১ টা বলত ৪০ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ ফলত অষ্ট্ৰেলিয়াই এটা অভাৰ বাকী থকা অৱস্থাত 177 ৰাণৰ লক্ষ্যত উপনীত হয় ।
পাকিস্তানৰ বাবে শ্ৰেষ্ঠ বলাৰ আছিল ছাদাব খান ৷
বিস্তৃত স্কোৰ :
পাকিস্তান : 20 অভাৰত 4 উইকেট হেৰুৱাই 176 ৰাণ ৷ মহম্মদ ৰিজৱান (67 ৰাণ), ফখৰ জামান (55 নট আউট), মিটছেল ষ্টৰ্ক 2/38
অষ্ট্ৰেলিয়া : 19 অভাৰত 5 টা উইকেট হেৰুৱাই 177 ৰাণ ৷ ডেভিদ ৱাৰ্ণাৰ (49 ৰাণ), মেথিউ ৱেডে (41 নট আউট), মাৰ্কাছ ষ্টোইনিছ (40 নট আউট), ছাদাব খান 4/26
লগতে পঢ়ক : সুদীৰ্ঘ 24 বছৰৰ মূৰত পাকিস্তান ভ্ৰমণলৈ অষ্ট্ৰেলিয়া