ETV Bharat / sports

স্থগিত কৰা হৈছে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ

২০২২ চনৰ মাৰ্চ মাহলৈ স্থগিত কৰা হৈছে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ । AIBAই জানিবলৈ দিয়া মতে, বৰ্তমানেও ক'ভিডসৃষ্ট পৰিস্থিতিৰ ভয়াৱহতা আছে আৰু এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় ।

author img

By

Published : Nov 11, 2021, 4:52 PM IST

Women's World Boxing Championships postponed
স্থগিত কৰা হৈছে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ

স্পৰ্টছ ডেস্ক, ১১ নৱেম্বৰ: স্থগিত কৰা হ'ল ডিচেম্বৰ মাহত ইস্তানবুলত অনুষ্ঠিত হ'বলগীয়া মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ । আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ'চিয়েছনে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২২ চনৰ মাৰ্চ মাহলৈ স্থগিত কৰিছে । বুধবাৰে সংস্থাটোৱে এই কথা প্ৰকাশ কৰে । আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ'চিয়েছনে জনাইছে যে, বৰ্তমানেও ক'ভিডসৃষ্ট পৰিস্থিতিৰ ভয়াৱহতা আছে আৰু এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় ।

ইতিমধ্যে বেলগ্ৰেডত অনুষ্ঠিত হ'বলগীয়া পুৰুষৰ বিশ্ব চেম্পিয়নশ্বিপো স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । কিয়নো ক'ভিড-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত বহু দেশে তুৰ্কী ভ্ৰমণ কৰিব বিচৰা নাই । আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ'চিয়েছনৰ সভাপতি ওমৰ ক্ৰেমলেভে ৰাষ্ট্ৰীয় ফেডাৰেচনসমূহলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰিছে যে, এআইবিএৰ পৰিচালক মণ্ডলীয়ে তুৰ্কী নেশ্যনেল ফেডাৰেচনৰ সন্মতিত ২০২২ চনৰ মাৰ্চলৈ মহিলা বিশ্ব চেম্পিয়নশ্বিপ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।

প্ৰতিযোগিতাখন যোৱা ৪ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছিল । কিন্তু তুৰ্কীত ক'ভিড-১৯ৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে । সোমবাৰে তুৰ্কীত ২৭,৮২৪ জনৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল ।

প্ৰায় দুবছৰ ধৰি কাল ৰূপ ধাৰণ কৰি অহা এই মহামাৰীৰ কবলত পৰি সোমবাৰে দেশখন ১৮৭ জন লোকৰ মৃত্যু হয় । ডেল্টা প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ দেশখনত বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে । প্ৰতিযোগিতাত ৭০ কিলোগ্ৰাম শাখাত অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোঁহায়ে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ কথা আছিল ।

লগতে পঢ়ক:প্ৰথমবাৰৰ বাবে টী20 বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.