ETV Bharat / sports

Asian Games 2023: এছিয়ান গেমছৰ বক্সিঙৰ 75 কেজি শাখাত ফাইনেলত লাভলীনা

পেৰিছ অলিম্পিকত স্থান নিশ্চিত লাভলীনাৰ ৷ এছিয়ান গেমছৰ ছেমিফাইনেলৰ অতি ৰোমাঞ্চকৰ খেলখনত প্ৰতিদ্বন্দ্বী থাইলেণ্ডৰ বেইচন মানিকনক একপক্ষীয়ভাৱে পৰাস্ত কৰি ফাইনেলত উপনীত লাভলীনা ৷ ইয়াৰ লগতে পেৰিছ অলিম্পিকতো স্থান নিশ্চিত ভাৰতীয় খেলুৱৈগৰাকীৰ ৷

Asian Games 2023
এছিয়ান গেমছৰ ফাইনেলত লাভলিনা
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 11:23 AM IST

Updated : Oct 3, 2023, 2:00 PM IST

স্পৰ্টছ ডেস্ক, ৩ অক্টোবৰ: এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁইৰ ৷ থাইলেণ্ডৰ বেইচন মানিকনৰ ৫-০ ব্যৱধাত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ৷ ভাৰতীয় বক্সাৰগৰাকীয়ে এই বিজয়ৰ লগে লগে পেৰিছ অলিম্পিকতো স্থান নিশ্চিত কৰে ৷

চলিত এছিয়ান গেমছত বক্সিঙৰ মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত মঙলবাৰে অৱৰ্তীণ হৈছিল ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁই ৷ খেলখনৰ আৰম্ভণিৰ পৰা লাভলীনাই নিজৰ দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখি থাইলেণ্ডৰ বেইচন মানিকনক একপক্ষীয়ভাৱে পৰাস্ত কৰে ৷ লাভলীনাই প্ৰথম ৰাউণ্ডত নিজৰ উচ্চতাৰ সুবিধা গ্ৰহণ কৰি প্ৰতিদ্বন্দী থাইলেণ্ডৰ বেইচন মানিকনক ধাৰাবাহিকভাৱে আক্ৰমণ কৰে ৷

প্ৰথম ৰাউণ্ড সমাপ্ত হোৱাৰ ২৫ ছেকেণ্ড পূৰ্বে লাভলীনা অধিক আক্ৰমণাত্মক হৈ পৰে আৰু ৰাউণ্ডটো দখল কৰে ৷ দ্বিতীয় ৰাউণ্ডত লাভলীনাই বিপক্ষৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ফুটৱৰ্ক ওপৰত অনুশীলন কৰিছে ৷ লাভলিনাই নিজৰ আক্ৰমণাত্মক প্ৰদৰ্শন অব্যাহত ৰখাৰ বিপৰীতে থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীগৰাকীয়েও ভাৰতীয় বক্সাৰগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰে ৷ বেইচনে তেওঁৰ প্ৰদৰ্শনেৰে খেলখনত প্ৰভাৱ পেলাবলৈ সক্ষম হয় আৰু তিনিজন বিচাৰকে তেওঁৰ পক্ষত ফলাফল দিয়ে ।

দুয়োগৰাকী বক্সাৰে এটাকৈ ৰাউণ্ডত জয়লাভ কৰাৰ লগে লগে অলিম্পিকত পদক বিজয়ী ভাৰতীয় খেলুৱৈগৰাকীৰ ওপৰত চাপ পৰিবলৈ ধৰে ৷ প্ৰতিযোগিতাখন অধিক তীব্ৰতৰ হৈ পৰাত ৰেফাৰীয়ে দুয়োগৰাকী খেলুৱৈক সতৰ্কবাণী দিব লগা হয় । অতি ৰোমাঞ্চকৰ প্ৰতিযোগিতাখনত ভাৰতীয় বক্সাৰগৰাকীয়ে নিজৰ ধাৰা অব্যাহত ৰাখি একপক্ষীয়ভাৱে খেলখনত নিজৰ অধিপত্য স্থাপন কৰে ৷ লাভলীনাৰ এই জয়ৰ লগে লগে ভাৰতৰ বাবে আন এটা ৰূপ বা সোণৰ পদক নিশ্চিত হয় ।

লগতে পঢ়ক: Asian Games 2023 : এছিয়ান গেমছত অসম কন্যা লাভলীনাৰ সফলতা

Last Updated : Oct 3, 2023, 2:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.