ETV Bharat / sports

20 এপ্ৰিল কিয় ক্ৰীড়া ইতিহাসৰ গুৰুত্বপূৰ্ণ দিন ?

author img

By

Published : Apr 20, 2020, 10:42 PM IST

20 এপ্ৰিলৰ কেইটামান গুৰুত্বপূৰ্ণ ক্ৰীড়া মুহূৰ্ত -

আৰ্ছেনালৰ কিংবদন্তী প্ৰশিক্ষক
আৰ্ছেনে ৱেংগাৰ

স্পৰ্টছ ডেস্ক, 20 এপ্ৰিল COVID-19 মহামাৰীয়ে বিশ্বৰ ক্ৰীড়াক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলালে ৷ ইয়াৰ ফলত আগশাৰীৰ সকলোবোৰ ক্ৰীড়া অনুষ্ঠানতে প্ৰতিবন্ধকতা আৰোপ কৰিবলগা পৰিস্থিতিৰ উদ্ভৱ হল ৷ COVID-19 ৰোগৰ পৰা ৰক্ষা পাবৰ বাবে সকলোৱে নিজকে কোৱাৰান্টাইনত ৰখাৰ সময়তে আমি আগবঢ়াইছো 20 এপ্ৰিলৰ পাঁচটা বিশেষ ক্ৰীড়া মুহূৰ্ত -

1986

25 বছৰৰ আগতে 1986 চনৰ 20 এপ্ৰিলত চিকোগা বুলছৰ কিংবদন্তি মাইকেল জৰ্ডানে বষ্টন জৰ্ডানত অনুষ্ঠিত এখন কোৱাৰ্টাৰ ফাইনেল মেচত 63 পইন্টেৰে NBA playoff record গঢ়িছিল ৷ তেওঁৰ এই সফলতাৰ পাচতো চিকোগা বুলছে চেল্টিকছৰ বিৰুদ্ধে 135-131 ব্যৱধানত মেচখনত পৰাজয়বৰণ কৰিছিল ৷

চিকোগা বুলছৰ কিংবদন্তি
মাইকেল জৰ্ডান

1994

নিউজিলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেল-এছিয়া কাপত আমেৰ ছোহেইল আৰু ইনজামাম উল হকে ছাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত দ্বিতীয় উইকেটৰ যুটীত 263 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়িবলৈ সক্ষম হৈছিল ৷ ইনজামামে 137 আৰু ছোহেইলে 134 ৰাণ সংগ্ৰহ কৰিছিল ৷ ইয়াৰ জৰিয়তে পাকিস্তানে কেৱল দুটা উইকেট হেৰুৱাই নিউজিলেণ্ডৰ সন্মুখত 329 ৰাণৰ জয়ৰ সীমা নিৰ্ধাৰণ কৰি দিছিল ৷ ইয়াৰ বিপৰীতে নিউজিলেণ্ডে 7 উইকেট হেৰুৱাই 266 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

পাকিস্তানী ক্ৰিকেটাৰ
আমেৰ ছোহেইল আৰু ইনজামাম উল হক

2002

পৰ্ট অৱ স্পেইন টেষ্টত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জাভাগল শ্ৰীনাথে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল ৷ কুইনছ পাৰ্ক অভেলত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনা ভাৰতে 339 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজে 6 টাকৈ উইকেট হেৰুৱাই 197 ৰাণ সংগ্ৰহ কৰিছিল ৷ ভাৰতৰ হৈ জাভাগল শ্ৰীনাথে ক্ৰিছ গেইল, শিৱনাৰায়ন চন্দৰপল আৰু জুনিয়ৰ মাৰেৰ উইকেট দখল কৰিছিল ৷ ইয়াৰোপৰি, জাহিৰ খান, আশীষ নেহৰা আৰু হৰভজন সিঙে এটাকৈ উইকেট দখল কৰাৰ লগতে ভাৰতে সেই টেষ্টত 37 ৰাণত জয় লাভ কৰিছিল ৷

ভাৰতীয় ক্ৰিকেটাৰ
জাভাগল শ্ৰীনাথ

2003

German F1 কিংবদন্তী মাইকেল ছুমাছেৰৰ বাবে জয় এক অভ্যাসত পৰিণত হৈছিল ৷ কিন্তু, 2003 চনৰ 20 এপ্ৰিলৰ দিনা মাতৃ এলিজাবেথৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ কিছু পাচতে তেওঁ ইমোলাত অনুষ্ঠিত San Marino Grand Prix ত অংশগ্ৰহণ কৰিবলগা হৈছিল ৷ উল্লেখ্য যে, 2013 চনত এক দূৰ্ঘটনাত ছুমাছেৰে গুৰুতৰভাৱে মগজুত আঘাত লাভ কৰা বাবে যোৱা 7 বছৰ ধৰি মৃত্যুৰ সৈতে যুঁজি আছে ৷ ছয় মাহ ধৰি কোমাত থকাৰ পাচত বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে ছুমাছেৰে ৷

German F1 কিংবদন্তী
মাইকেল ছুমাছেৰ

2018

আৰ্ছেনালৰ কিংবদন্তী প্ৰশিক্ষক আৰ্ছেনে ৱেংগাৰে 2018 চনৰ 20 এপ্ৰিলত ইংলিছ প্ৰীমিয়াৰ লীগ ক্লাবটোৰ সৈতে 22 বছৰীয়া সম্পৰ্ক শেষ কৰি অৱসৰৰ কথা ঘোষণা কৰে ৷ এয়া আৰ্ছেনাল আৰু আৰ্ছেনেৰ বাবে এক মৰ্মান্তিক মুহূৰ্ত আছিল যিহেতু তেওঁৰ তত্বাৱধানতে আৰ্ছেনালে EPL title দখল কৰিবলৈ সক্ষম হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.