ETV Bharat / sports

কোভিড-19ৰ বিৰেদ্ধে যুঁজিবলৈ 11 লাখ বঢ়ালে WFI-ই - কোভিড-19

ভাৰতীয় ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্ৰীজ ভূষণ চৰণে উল্লেখ কৰে এই কথা । তাৰো পৰি উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী সাহায্য পুজিঁলৈয়ো ৫ লাখ টকা আগবঢ়োৱাৰ ঘোষণা ।

কোভিড-19 ৰ বিৰেদ্ধে যুঁজিবলৈ 11 লাখ বঢ়ালে WFI-ই

author img

By

Published : Mar 31, 2020, 2:26 PM IST

নতুন দিল্লী, 31 মাৰ্চঃ প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ভাৰতীয় ৰেছলিং ফেডাৰেচন (WFI) -য়ে আগবঢ়াইছে 11 লাখ টকা । কোভিড-19 সৈতে মোকাবিলা কৰাৰ বাবেই এই ধনৰাশি আগবঢ়াই ভাৰতৰ ক্ৰীড়া সংস্থাটোৱে। সোমবাৰে সংস্থাটোৰ সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙে এই ঘোষণা আগবঢ়াই ।

লগতে,উত্তৰ-প্ৰদেশ চৰকাৰৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈয়ো ৫ লাখ টকা আগবঢ়াব বুলি ঘোষণা কৰে সন্থাটোৱে ।

উল্লেখ্য যে, শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোভিড-19 ৰ বাবে উদ্ভৱ হোৱা জৰুৰীকালীন সময়চোৱাত জনসাধাৰণক অৰ্থিক ক্ষেত্ৰত সহায়ৰ বাবে এক পুঁজিৰ গঠন কৰিছিল । "Prime Minister's Citizen Assistance and Relief in Emergency Situations (PM-CARES)" নামেৰে গঠন কৰা হৈছিল এই সাহায্য পুঁজি ।

কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনাই 31 লাখ টকা,শচীন তেণ্ডুলকাৰে 21 লাখ টকাৰ অৰিহণা আগবঢ়োৱাৰ লগতে সৌৰভ গাংগুলী,হিমা দাস,পিভি সিন্ধু,বেজৰং পুণিয়া আদি বহু তাৰকা-মহাতাৰকাই সাহায্য আগবঢ়াইছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.