স্পৰ্টছ ডেস্ক,২৭ মাৰ্চ: বক্সিং ৰিঙলৈ পুনৰ উভতি আহিব তাৰকা খেলুৱৈ অস্কাৰ দে লা হোয়া । বক্সিং কেৰিয়াৰ সমাপ্তিৰ ১৩ বছৰ পিছত অহা জুলাই মাহত পুনৰ বক্সিঙ খেলৰ মজিয়ালৈ উভতি অহাৰ ঘোষণা কৰে তাৰকা খেলুৱৈ গৰাকীয়ে ।
খেলুৱৈ গৰাকীয়ে উল্লেখ কৰা মতে তেওঁ বক্সিং তাৰকা মাইক টাইচনৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । কিয়নো শেহতীয়াকৈ লছ এঞ্জেলছত ৫৪ বয়সীয়া টাইচানক এক প্ৰদৰ্শনী খেলত ৰয় জন্ছ জুনিয়ৰৰ মুখামুখি হোৱা দেখা গৈছে ।
অহা ৩ জুলাইত বাউটৰ বাবে কাৰ মুখামুখি হ'ব সেই কথা ঘোষণা নকৰিলেও তেওঁ পূৰ্বে ফ্লয়েড মেৱেদাৰৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰিছিল । 'দ্য গোল্ডেন বয়' খ্যাত অস্কাৰে ৬টা ওজনৰ শিতানত ১১ টাকৈ বিশ্ব খিতাপ লাভ কৰিছে । আনহাতে ২০০৮ চনত মেনি পাকীয়াওৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পিছতে বক্সিঙৰ পৰা অৱসৰ লয় খেলুৱৈগৰাকীয়ে ।
লগতে পঢ়ক:এদিনীয়াত ইংলেণ্ডৰ হৈ সৰ্বাধিক শতক অৰ্জনৰ আশা জ'নি বেয়াৰষ্টোৰ