স্পৰ্টছ ডেস্ক, 14 জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেছাদাৰী বক্সিঙত জয়েৰে অভিষেক ঘটালে ভাৰতীয় তাৰকা বক্সাৰ বিজেন্দৰ সিঙে ৷ আমেৰিকাৰ মাইক স্নাইডাৰক চাৰিটাকৈ ৰাউণ্ডৰ যুঁজত পৰাস্ত কৰে বিজেন্দৰে ৷ 34 বৰ্ষীয় এছিয়ান মিডলৱেইট চেম্পিয়ন গৰাকীয়ে অভিজ্ঞ স্নাইডাৰক পৰাস্ত কৰি কেৰিয়াৰৰ 11 সংখ্যক জয় সাব্যস্ত কৰে ৷
এই জয়ৰ পাছতে সংবাদ মাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰে বিজেন্দৰে ৷ আঘাতৰ পাছত ৰিঙলৈ ঘূৰি আহি তেওঁ সুখী বুলি মন্তব্য কৰাৰ লগতে আমেৰিকাত অভিষেক মেচতে জয়ী হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি, মেচ খন দুই - তিনি ৰাউণ্ডত সমাপ্ত হোৱাটো আশা কৰিছিল বুলি তেওঁ মন্তব্য কৰে ৷
পৰাজয়ৰ পাছতে স্নাইডাৰেও ভাৰতীয় বক্সাৰ গৰাকীক প্ৰশংসা কৰি কয় যে, খেলৰ আৰম্ভণিতে বিজেন্দৰৰ অভিজ্ঞতা তথা খেলাৰ পদ্ধতিক ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল আৰু লগতে তেওঁক এজন ভাল বক্সাৰ বুলি স্বীকাৰ কৰে স্নাইডাৰে ৷