স্পৰ্টছ ডেস্ক, 11 জানুৱাৰীঃ খেল‘ ইণ্ডিয়াৰ প্ৰথম দিনৰ খেলৰ অন্তত পদক তালিকাৰ শীৰ্ষত উপনীত হৈছে অসমৰ চুবৰীয়া ৰাজ্য ত্ৰিপুৰা ৷ প্ৰথম দিনাৰ খেলৰ অন্তত ত্ৰিপুৰাই তিনিটা সোণ লাভ কৰি প্ৰথম স্থানত দখল কৰাৰ বিপৰীতে দুটা সোণ, তিনিটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জ পদকেৰে দ্বিতীয় স্থানত মহাৰাষ্ট্ৰ আৰু দুটা সোণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জেৰে তৃতীয় স্থানত আছে উত্তৰ প্ৰদেশ ৷ আনহাতে এটা ব্ৰঞ্জৰ পদকেৰে অষ্টম স্থান লাভ কৰিছে আয়োজক দল অসমে ৷

ত্ৰিপুৰাৰ হৈ জিমানাষ্ট প্ৰিয়ংকা দাস গুপ্তাই ছোৱালীৰ 17 অনুৰ্ধ্বৰ এল এৰাউণ্ড ক্ৰাওন শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ 15 বছৰীয়া প্ৰিয়ংকাই 42.60 পইণ্ট লাভ কৰি এই সফলতা অৰ্জন কৰে ৷ ইপিনে উত্তৰ প্ৰদেশৰ যতীন কুমাৰ কানোজিয়াই ল’ৰাৰ 17 অনুৰ্ধ্বৰ এল এৰাউণ্ড শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

আনহাতে ৰিডমিক জিমনাষ্টিকৰ 17 বছৰ অনুৰ্দ্ধৰ শাখাত মহাৰাষ্ট্ৰৰ আছমি অঙ্কুশ বাডাডে আৰু শ্ৰেয়া প্ৰবীন ভাংগালেই ক্ৰমে 43.80 আৰু 40.80 পইন্ট সংগ্ৰেহেৰে স্বৰ্ণ আৰু ৰূপৰ পদক দখল কৰাৰ বিপৰীতে এই শাখাত 34.25 পইন্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে অসমৰ উপাসা তালুকদাৰে ৷ অসমৰ হৈ প্ৰথমটো পদক লাভ কৰিবলৈ সক্ষম হৈছে উপাসাই ৷

ল’ৰাৰ 21 অনুৰ্ধ্ব ৰিকাৰ্ভ আৰ্চাৰী (ধনু) শাখাত হাৰিয়াণাৰ শচীন গুপ্তা আৰু ছানী কুমাৰে ক্ৰমান্বয়ে 671 আৰু 665 পইণ্ট লাভেৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে এই শাখাতে ছোৱালীৰ গুজৰাটৰ প্ৰামিলাবেন বাৰিয়াই 648 পইণ্টেৰে শীৰ্ষ স্থান দখল কৰে ৷ 643 পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে হাৰিয়াণৰ হিমাণী কুমাৰীয়ে আনহাতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ঝাৰখণ্ডৰ ক’মলিকা বাৰিয়ে ৷

ইপিনে 17 অনুৰ্ধ্ব কম্পাউণ্ড ল’ৰা ছোৱালী শাখাত অন্ধ্ৰপ্ৰদেশৰ কুণ্ডেৰু ভেনকাটাড্ৰিয়ে 699 পইণ্টছ আৰু ৰাজস্থানৰ প্ৰিয়া গুৰজাৰে 686 পইণ্টেৰে নিজৰ নিজৰ শাখাত শীৰ্ষ স্থান দখল কৰে ৷

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা আনুষ্ঠানিক ভাৱে আৰম্ভ হোৱা খেল’ ইণ্ডিয়া 2020 ৰ তৃতীয় সংস্কৰণত দেশৰ মুঠ 6,800 গৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ চলিবলগীয়া 13 দিনীয়া কাৰ্যসূচীত মুঠ 20 টাকৈ খেল অনুষ্ঠিত কৰা হ’ব ৷

য’ত অংশ লৈছে দেশৰ 37 খন ৰাজ্যৰ লগতে স্বায়িত্ব শাসিত অঞ্চলৰ দলে ৷ এই প্ৰতিযোগিতাৰ সৰ্ববৃহৎ দলটো হৈছে মহাৰাষ্ট্ৰ ৷ 751 গৰাকী খেলুৱৈয়ে অংশ লৈ দলটোৰ ৷ আনহাতে 656 গৰাকী খেলুৱৈৰে দ্বিতীয় সৰ্ববৃহৎ দল হৈছে অসম ৷
