স্পৰ্টছ ডেস্ক, ১৩ জুলাই : অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ'ব টকিঅ' অলিম্পিক (Tokyo Olympic) । ইতিমধ্যে প্ৰতিখন দেশৰ লগতে ভাৰতৰ খেলুৱৈ সকলো সাজু হৈ উঠিছে । ভাৰতৰ হৈ পদক অৰ্জনৰ সপোনেৰে প্ৰস্তুতি সম্পন্ন কৰিছে খেলুৱৈসকলে । উল্লেখ্য যে এইবাৰ ভাৰতে টকিঅ' অলিম্পিকলৈ ২২৮ জনীয়া দল প্ৰেৰণ কৰিব, যাৰ ভিতৰত আছে ১১৯ গৰাকী খেলুৱৈ ।
ইয়াৰ মাজতে ভাৰতীয় খেলুৱৈসকলৰ সৈতে বাৰ্তালাপত বহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime minister Narendra Modi) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অলিম্পিক অভিমুখী খেলুৱৈসকলৰ সৈতে বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰাৰ লগতে সকলো খেলুৱৈক শুভ কামনা জনায় ।
বিভিন্ন খেলুৱৈৰ ভিতৰত বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৰ (P V Sindhu)প্ৰস্তুতিৰ বুজ লয় আৰু গাচিবাউলি ষ্টেডিয়ামত তেওঁৰ প্ৰশিক্ষণ কেনেধৰণে চলিছে সেই বিষয়ে প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । পি ভি সিন্ধুৱে তেওঁৰ অনুশীলন সুন্দৰভাৱে অব্যাহত থকা বুলি উল্লেখ কৰি কয় যে, তেওঁ জানুৱাৰীৰ পৰাই এই অনুশীলন অব্যাহত ৰাখিছে । লগতে তেওঁ যিখন ষ্টেডিয়ামত অনুশীলন চলাই আছে তাৰ সাদৃশ্য টকিঅ'ৰ ষ্টেডিয়ামৰ সৈতে থকা বুলিও উল্লেখ কৰে পি ভি সিন্ধুৱে ।
কনফাৰেন্সত পি ভি সিন্ধুৰ পিতৃও সংযুক্ত হয় আৰু সকলো ভাৰতীয়ক খেলুৱৈসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে চৰকাৰে খেলুৱৈসকলক যথেষ্ট পৰিমাণে সহযোগ কৰিছে । টকিঅ' অলিম্পিকত অংশ ল'বলগীয়া মণিপুৰৰ বক্সাৰ মেৰী কমক (Mary Kom) প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ আমেৰিকান বক্সাৰ মহম্মদ আলীৰ দ্বাৰা অনুপ্ৰাণিত ।
প্ৰধানমন্ত্ৰী মোডীয়ে জেভেলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাকো (Neeraj Chopra) উৎসাহিত কৰে আৰু তেওঁক কোনো ধৰণৰ চাপৰ দ্বাৰা বিচলিত নহ'বলৈ আহ্বান জনায় । নিজৰ আঘাত সন্দৰ্ভত খেলুৱৈ গৰাকীয়ে কয় যে আঘাত খেলৰ এটা অংশ । আঘাতৰ পাছত তেওঁ যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিছে আৰু অলিম্পিকৰ বাবে নিজকে সাজু কৰি তুলিছে ।
ইয়াৰ পূৰ্বে তাৰকা স্প্ৰিণ্টাৰ দুতি চান্দে ইটিভি ভাৰতৰ সৈতে এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ টকিঅ'ত অভিলেখ গঢ়াৰ বাবে ১১.১০ ছেকেণ্ড সময়তে দৌৰ শেষ কৰাৰ চেষ্টা কৰিব । প্ৰধানমন্ত্ৰী মোডীয়ে আশীষ কুমাৰক বক্সিং খেলা কেনেদৰে আৰম্ভ কৰিলে সেই বিষয়ে প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ কয় যে তেওঁৰ পিতৃয়ে বক্সিং খেলাটো বিচাৰিছিল । আনকি তেওঁৰ ভাতৃয়েও ভাল স্তৰত বক্সিং খেলিছিল ।
লগতে পঢ়ক:প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ বিয়োগ