স্প’ৰ্টছ ডেস্ক, 22 জুলাই : 24 জুলাইত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত অনুষ্ঠিত হ’বলগীয়া বক্সিং খেলৰ প্ৰথম ৰাউণ্ডৰ খেলত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ অসম কন্যা লাভলীনা বৰগোঁহাইৰ (Lovelina Borgohain) ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ বিপৰীতে ৰিঙত অৱতীৰ্ণ হ’ব জাৰ্মানীৰ বক্সাৰ নাদীন এপেজ (Nadeen Apage) ৷ 27 জুলাইত অনুষ্ঠিত হ’ব Pre-Quarter final মেচখন ৷
অসমৰ লগতে দেশৰ বাবে ইটোৰ পাচত সিটো খিতাপ অৰ্জন কৰা লাভলীনা এইবাৰ টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ একমাত্ৰ খেলুৱৈ । ‘Asia and Oceania Boxing Olympic Qualification Tournament’ ত জয় লাভ কৰি টকিঅ’ অলিম্পিক (Tokyo Olympics 2020)ত খেলাৰ সুযোগ লাভ কৰিছে বক্সাৰগৰাকীয়ে ৷
লগতে পঢ়ক : টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ সঞ্চালকক বৰ্খাস্ত