স্পৰ্টছ ডেস্ক, 16 এপ্ৰিলঃ প্ৰকাশ পালে বহু প্ৰত্যাশিত 2020 টকিঅ’ অলিম্পিকৰ কাৰ্যক্ৰমণিকা ৷ 24 জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া এই অলিম্পিক খেলৰ যৱনিকা পৰিব 9 আগষ্টত ৷ মুঠ 33 টা খেলৰ 339 টা শাখাত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা সমূহ ৷ উদ্বোধনী মেচৰ দুদিন পূৰ্বে মহিলা ফুটবলৰ প্ৰাৰম্ভিক ৰাউণ্ড অনুষ্ঠিত হোৱাৰ বিপৰীতে ৰবিং আৰু ধনু খেল অনুষ্ঠিত হ’ব 24 তাৰিখে ৷ মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফলৰ মেচসমূহো অনুষ্ঠিত হ’ব 24 জুলাইত ৷
প্ৰথম দিনটোত 6 টা খেলৰ মুঠ 11 টা শাখাত পদকৰ বাবে যুঁজ হ’ব ৷ য’ত আছে ধনু খেল, চাইকেলিং, ফেঞ্চিং, জুড’, টাইকোৱাণ্ডো, ভাৰত্তোলন ৷ 25 জুলাইত অনুষ্ঠিত হ’ব বাস্কেটবলৰ 3x3 প্ৰতিযোগিতা ইত্যাদি ৷ 26 আৰু 27 ত হ’ব স্কেটবৰ্ডিংৰ মেচ ৷ 1 আগষ্টত অনুষ্ঠিত হ’ব 21 টা শাখাত মেচ ৷ আনহাতে 2 আগষ্টৰ পৰা মুঠ 171 টা ইভেণ্টৰ বাবে মেচ অনুষ্ঠিত হ’ব ৷ 7 আগষ্টত পুৰুষ আৰু মহিলাৰ 4x100 মিটাৰ দৌৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ 8 আগষ্টত 30 টা শাখাত খেল অনুষ্ঠিত হ’ব ৷ য’ত আছে জিমানাছষ্টিক, পুৰুষ ফুটবল ইত্যাদি মেচ ৷ 9 আগষ্টত অলিম্পিক মেচৰ যৱনিকা পৰিব ৷ উল্লেখ্য যে, টকিঅ’ অলিম্পিকৰ মূল বিষয় বস্তু হৈছে ‘‘ “More Youth, More Urban, More Women” ।