ETV Bharat / sports

টকিঅ’ অলিম্পিক 2020ঃ মুকলি মুখ্য ষ্টেডিয়াম - Tokyo Olympic stadium

টকিঅ’ অলিম্পিক 2020 চনৰ 24 জুলাইৰ পৰা আৰম্ভ হ’ব ৷ অলিম্পিকলৈ 8 মাহ বাকী থকা অৱস্থাত সোমবাৰে এক বিশাল কাৰ্যসূচীৰে মূল ষ্টেডিয়ামটো মুকলি কৰা হয় ৷ প্ৰকৃতিৰ ভাৰসাম্যৰ উপযোগীকৈ ইয়াক নিৰ্মাণ কৰা হৈছে ৷

প্ৰকৃতিৰ ভাৰসাম্যৰ উপযোগীকৈ ইয়াক নিৰ্মাণ কৰা হৈছে
ট’কিয় অলিম্পিক 2020ঃমুকলি মুখ্য ষ্টেডিয়াম
author img

By

Published : Dec 17, 2019, 9:40 AM IST

Updated : Dec 17, 2019, 1:12 PM IST

টকিঅ’, 17 ডিচেম্বৰঃ অলিম্পিক আৰু পেৰা অলিম্পিক খেললৈ 8 মাহ বাকী থকা অৱস্থাত সোমবাৰে এক বিশাল কাৰ্যসূচীৰে মূল ষ্টেডিয়ামটো মুকলি কৰা হয় ৷ ষ্টেডিয়াম মুকলি অনুষ্ঠানত উপস্থিত থাকে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো এবে, ৰাজ্যপাল য়ুৰিকো কৈকে আৰু বাস্তুবিদ কেংগো কুমা ৷

টকিঅ’ 2020 অলিম্পিকৰ মুখ্য বিষয়া তোশীৰো মুতোই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, "আমি 24 জুলাই,2020 ত অলিম্পিকৰ শুভ উদ্বোধন কৰিম ৷ লগতে 25 আগষ্টত পেৰা অলিম্পিক খেলৰ বাবে নতুন ষ্টেডিয়ামত ৰাখিবলগীয়া প্ৰতীকত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ৷ আমাৰ বিশ্বাস ষ্টেডিয়ামটো খেলুৱৈৰ বাবে এক অভেদ্য দুৰ্গ হ’ব ৷"

ট’কিয় অলিম্পিক 2020ঃমুকলি মুখ্য ষ্টেডিয়াম

ইপিনে দৰ্শকৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে ৷ বিখ্যাত বাস্তুবিদ কেংগো কুমা, যিয়ে এই ষ্টেডিয়ামৰ আৰ্হি প্ৰস্তুত কৰিছে, মুকলিৰ পূৰ্বে পৰ্যবেক্ষণত যথেষ্ঠ গুৰুত্ব প্ৰদান কৰিছে ৷ প্ৰকৃতিৰ ভাৰসাম্যৰ উপযোগী প্ৰযুক্তিৰে ইয়াক নিৰ্মাণ কৰা হৈছে ৷ জিংগু শ্ৰাইনৰ আউটড’ৰ ষ্টেডিয়াম হিচাপে পৰিচিত এই ষ্টেডিয়ামটোত বৃহৎ সেউজীয়া ভূমি ৰখা হৈছে ৷ সেয়ে কুমাই এই ষ্টেডিয়ামক জীৱিত বৃক্ষ নাম দিয়ে ৷ জাপানৰ 47 টা ভিন্ন প্ৰান্তৰ পৰা কাঠ সংগ্ৰহ কৰি ষ্টেডিয়ামটোৰ চাৰিওদিশে 47 হাজাৰৰো অধিক মধ্যমীয়া আৰু সৰু আকাৰৰ গছ ৰোপণ কৰা হৈছে ৷ ষ্টেডিয়ামটোৰ ভিতৰভাগত দৰ্শকৰ বাবে আসনৰ সু-ব্যৱস্থা কৰা হৈছে ৷ তদুপৰি বিশেষভাৱে সক্ষম শ্ৰেণীৰ লোকৰ বাবে হুইল চেয়াৰৰো ব্যৱস্থা থাকিব ষ্টেডিয়ামত ৷ ইতিমধ্যে দৰ্শক আৰু এথলীটসকলৰ বাবে বাতানুকুল পৰিৱেশৰ ব্যৱস্থা ৰখা হৈছে ষ্টেডিয়ামটোত ৷ ষ্টেডিয়ামটোত 2020 চনৰ 1 জানুৱাৰীত সম্ৰাট কাপ জে এফ এ-ৰে 99 সংখ্যক জাপান ফুটবল চেম্পিয়নশ্বিপৰ উদ্বোধন কৰা হ’ব ৷ উল্লেখ্য যে,আগন্তুক টকিঅ’ অলিম্পিক 2020 চনৰ 24 জুলাইৰ পৰা 9 আগষ্টলৈ চলিব ৷

Intro:Body:

dd

Conclusion:
Last Updated : Dec 17, 2019, 1:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.