নিউজ ডেস্ক, 31 মাৰ্চ: শনিবাৰে টেক্সাছত অনুষ্ঠিত ওৱৰ্ল্ড মেচ প্লে' চেম্পিয়নশ্বিপত কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বাহিৰ হৈছে আমেৰিকান গ'ল্ফ খেলুৱৈ টাইগাৰ ওদছ্ ৷ এই বিস্ময়কৰ পৰাজয়ৰ মূলতে আছে বিশ্ব ৰেংকিঙৰ 52 সংখ্যক খেলুৱৈ লুকাছ জেৰেগাৰ্ড ৷
ইয়াৰ পূৰ্বৰ মেচত ৰ'ৰী মেকলৰইক পৰাস্ত কৰা গ'ল্ফ মাষ্টাৰ আৰু বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ খেলুৱৈ টাইগাৰৰ আত্মবিশ্বাস তুংগত আছিল যদিও মেচৰ শেষত জেৰেগাৰ্ডে শেষ হাঁহি মাৰি ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷