স্পোৰ্টছ ডেস্ক, 30 আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে চলিত টকিঅ' পেৰালিম্পিকত স্বৰ্ণ জয় কৰাৰ বাবে জেভলিন থ্ৰ'ৱাৰ সুমিত এণ্টিলক অভিনন্দন জ্ঞাপন কৰিছে । "আমাৰ খেলুৱৈসকলে #Paralympics ত জিলিকি আছে ! পেৰালিম্পিকত সুমিত এণ্টিলৰ অভিলেখ ভংগকাৰী প্ৰদৰ্শনৰ বাবে দেশ গৌৰৱান্বিত । সন্মানীয় সোণৰ পদক জয় কৰাৰ বাবে সুমিতক অভিনন্দন । আপোনালোকক ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো " প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে টুইট কৰে ৷
টকিঅ'ৰ নেচনেল ষ্টেডিয়ামত পুৰুষৰ জেভলিন থ্ৰ’ (স্পোৰ্ট ক্লাছ এফ ৬৪)ত ভাৰতৰ সুমিত এণ্টিলে স্বৰ্ণ জয় কৰে ৷ ফাইনেলত তিনিবাৰ বিশ্ব ৰেকৰ্ড কৰাৰ লগে লগে সুমিতে গোটেই ইভেন্টটোত আধিপত্য বিস্তাৰ কৰিছিল । পোডিয়ামৰ শীৰ্ষস্থান দখল কৰিবলৈ তেওঁৰ পঞ্চমটো প্ৰয়াসত ৬৮.৫৫ মিটাৰৰ এটা আকৰ্ষণীয় থ্ৰ’ কৰিছিল ।
-
Our athletes continue to shine at the #Paralympics! The nation is proud of Sumit Antil’s record-breaking performance in the Paralympics.
— Narendra Modi (@narendramodi) August 30, 2021 " class="align-text-top noRightClick twitterSection" data="
Congratulations Sumit for winning the prestigious Gold medal. Wishing you all the best for the future.
">Our athletes continue to shine at the #Paralympics! The nation is proud of Sumit Antil’s record-breaking performance in the Paralympics.
— Narendra Modi (@narendramodi) August 30, 2021
Congratulations Sumit for winning the prestigious Gold medal. Wishing you all the best for the future.Our athletes continue to shine at the #Paralympics! The nation is proud of Sumit Antil’s record-breaking performance in the Paralympics.
— Narendra Modi (@narendramodi) August 30, 2021
Congratulations Sumit for winning the prestigious Gold medal. Wishing you all the best for the future.
ফাইনেলত আন এজন ভাৰতীয় সন্দীপ চৌধুৰীয়ে 62.20 মিটাৰৰ ছিজন বেষ্ট থ্ৰ’ৰ সৈতে চতুৰ্থ স্থান লাভ কৰে । আনহাতে খেলপথাৰত প্ৰথম স্থান দখল কৰা সুমিতে ৬৬.৯৫ মিটাৰ থ্ৰ’ৰে নিজৰ বিশ্ব ৰেকৰ্ড ভংগ কৰি ফাইনেল আৰম্ভ কৰাৰ লগে লগে নিজৰ সকলো প্ৰতিদ্বন্দীৰ বাবে কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল । ইয়াৰ পূৰ্বৱৰ্তী বিশ্ব ৰেকৰ্ড আছিল 62.88 মিটাৰ, যিটোতকৈ সুমিতে তেওঁৰ প্ৰথম প্ৰচেষ্টাত প্ৰায় 4 মিটাৰ উন্নত এটা থ্ৰ’ কৰে ।
ইফালে সন্দীপে ইয়াৰ মাজতে তেওঁৰ প্ৰথম প্ৰচেষ্টাত ৬১.১৩ মিটাৰৰ এটা থ্ৰ’ কৰিবলৈ সক্ষম হৈছিল ৷ ফাইনেলখনৰ দ্বিতীয়টো প্ৰচেষ্টাত ৬৮.০৮ মিটাৰৰ আন এটা বিশ্ব ৰেকৰ্ডৰ বাবে জেভলিন দলিয়াই দিয়াৰ সময়ত সুমিতক এটা অভিযানত থকা মানুহৰ দৰে লাগিছিল । এইদৰে অৱশেষত 68.55 মিটাৰৰ অন্তিমটো থ্ৰ’ৰে তেওঁ পুনৰ বিশ্ব ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছিল ৷
লগতে পঢ়ক : কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য