স্পৰ্টছ ডেস্ক,১৭ ছেপ্টেম্বৰ : আধুনিক সময়ৰ ফুটবল মেচত মিডফিল্ডাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । মিডফিল্ডাৰৰ ভূমিকাই খেলৰ ফলাফল সলনি কৰিব পাৰে আৰু দীঘলীয়া ছিজনৰ অন্তত এটা দলৰ খিতাপ অৰ্জনৰ ক্ষেত্ৰতো নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে । বিগত বছৰবোৰত ইণ্ডিয়ান চুপাৰ লীগত (আইএছএল) দলবোৰৰ বিদেশী মিডফিল্ডাৰসকলে দৃষ্টি আকৰ্ষণ কৰি আহিছে । ভাৰতীয় খেলুৱৈসকলেও সুনাম অৰ্জন কৰিছে আৰু তেওঁলোকৰ নিজ নিজ দলৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । আইএছএলত প্ৰথমবাৰৰ বাবে ১২ টা দলে যুঁজ দিয়াৰ সময়ত খেলুৱৈসকল ব্যস্ত হৈ পৰিছে ।
কেইগৰাকীমান মিডফিল্ডাৰৰ বিষয়ে জানো আহক :
এড্ৰিয়ান লুনা : কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ দলৰ তালিকাৰ প্ৰথম নামবোৰৰ ভিতৰত অন্যতম লুনা । ২০২১ চনত দলটোত যোগদান কৰাৰ পাছত ইভান ভুকোমানোভিকৰ দলটোৰ আকৰ্ষণীয় খেলুৱৈ হৈ আহিছে । তেওঁৰ নামত ১০ টা গ'ল আৰু ১৩ টা এছিষ্টৰ সৈতে ২০২১ চনৰ পৰা কোনো কেবিএফচি খেলুৱৈয়ে লুনাতকৈ অধিক গ'ল কৰিব পৰা নাই । উৰুগুৱেৰ খেলুৱৈগৰাকী বিগত দুটা ছিজনত ব্লাষ্টাৰ্ছৰ বাবে আগশাৰীৰ সুযোগ প্ৰদানকাৰীও আছিল । যোৱা দুটা ছিজনত অধিনায়কৰ দায়িত্ব লাভ কৰা লুনাক তৃতীয়বাৰৰ বাবে কেবিএফচিৰ অনুৰাগীসকলে একেটা ৰূপতে চাব বিচাৰিব ।
চাহাল আব্দুল চামাদ : ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টিশীল মিডফিল্ডাৰ চামাদ যোৱা দুটা ছিজনত ব্লাষ্টাৰ্ছৰ বাবে এক গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল । কেৰালাত জন্মগ্ৰহণ কৰা মিডফিল্ডাৰজনে এই সময়ছোৱাত ৯ টা গ'ল আৰু ৩ টা এছিষ্ট কৰিছিল । যিয়ে ব্লাষ্টাৰ্ছক প্ৰথমবাৰৰ বাবে আইএছএল প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰাত সহায় কৰিছিল । মোহন বাগান এছজিৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ পাছত তেওঁৰ পৰা আৰু বহুতো আশা কৰা হ'ব । মুখ্য প্ৰশিক্ষক জুয়ান ফেৰাণ্ডোৱে ভাৰতৰ মিডফিল্ডাৰক ১০ নম্বৰ স্থানত ব্যৱহাৰ কৰি আহিছে ।
আহমেদ জাহৌহ : লীগৰ খুব কম সংখ্যক মিডফিল্ডাৰহে জাহৌহৰ দৰে গুণ আছে । ২০১৭-১৮ বৰ্ষৰ পৰা আইএছএলত যোগদান কৰাৰ পাছত অভিজ্ঞ খেলুৱৈগৰাকীয়ে নিজকে শীৰ্ষ মিডফিল্ডাৰসকলৰ মাজৰ অন্যতম হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । জাহৌহে যোৱা ছিজনত লীগত আটাইতকৈ বেছি টেকেল পঞ্জীয়ন কৰিছে আৰু তেওঁৰ সফল পাছবোৰ লক্ষণীয় আছিল । এফ চি গোৱাৰ পৰা মুম্বাই চিটি এফ চিলৈ যি দলতে তেওঁ যায় প্ৰদৰ্শনে সকলোকে আকৰ্ষণ কৰে । তেওঁ ওড়িশা এফ চিতো একে ধৰণৰ প্ৰদৰ্শন দেখুৱাব বুলি সকলো আশাবাদী ।
গ্ৰেগ ষ্টিৱাৰ্ট : আগৰ দুটা ছিজনত ষ্টিৱাৰ্ট সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে । ষ্টিৱাৰ্টে তেওঁৰ প্ৰথম আইএছএল ছিজনত জামছেদপুৰ এফ চিৰ সৈতে খেলপথাৰত নামিছিল । ১০ টা গ'লৰ সৈতে কেইটাও এছিষ্ট কৰিছিল । ষ্টিৱাৰ্টে ২০২২-২৩ বৰ্ষৰ ছিজনত মুম্বাই চিটি এফ চিত যোগদান কৰে । পুনৰ লীগত তেওঁৰ দপদপনি স্পষ্ট হৈ পৰে । তেওঁ মুম্বাইৰ হৈ ১৫ টা গ'লৰ অৱদান আগবঢ়াইছিল । যাৰ বাবে মুম্বাই এফ চিয়ে পুনৰ এবাৰ ষ্টিৱাৰ্টৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিব ।
ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজ : যোৱা কেইটামান ছিজনত আঘাতৰ সৈতে যুঁজ দিয়া ফাৰ্ণাণ্ডেজক যোৱা ছিজনত এফ চি গোৱাৰ মিডফিল্ডাৰ হিচাপে দেখা গৈছিল । তেওঁ ৩ টা গ'ল আৰু এফ চি গোৱাৰ বাবে কেইবাটাও এছিষ্ট কৰিছিল । এইবাৰো ফাৰ্ণাণ্ডেজ এফ চি গোৱাৰ আক্ৰমণাত্মক আউটপুটত প্ৰভাৱশালী হ'ব পাৰে ।
নাওৰেম মহেশ : আইএছএল প্লে অফৰ পৰা বঞ্চিত হোৱা স্বত্বেও মহেশ যোৱা ছিজনত ইষ্ট বেংগল এফ চিৰ বাবে গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল । মণিপুৰত জন্মগ্ৰহণ কৰা খেলুৱৈগৰাকীয়ে যোৱা ছিজনত এগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে যথেষ্ট এছিষ্ট কৰিবলৈ সক্ষম হৈছিল । গ'ল কৰাৰ ক্ষেত্ৰত দলটোৱে সংগ্ৰাম কৰিবলগা হৈছিল যদিও তেওঁ বেছিখিনি সুযোগ সৃষ্টি কৰিছিল ।
লগতে পঢ়ক :Asia Cup final 2023: শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত আজি ভাৰত বনাম শ্ৰীলংকাৰ খিতাপ জয়ৰ যুঁজ