ETV Bharat / sports

দেশৰ এথলীটৰ বাবে ক্ৰীড়া প্ৰাধিকৰণৰ নতুন পদক্ষেপ

author img

By

Published : Aug 11, 2019, 4:41 PM IST

ভাৰতীয় এথলীটৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে (SAI) গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ ৷ এতিয়াৰ পৰা নিয়োগ কৰা হ'ব পেশাদাৰী চিকিৎসক, ৰান্ধনী তথা কেন্টিন মেনেজাৰ ৷

দেশৰ এথলীটৰ বাবে ক্ৰীড়া প্ৰাধিকৰণৰ নতুন পদক্ষেপ

স্পৰ্টছ ডেস্ক, 11 আগষ্ট : ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে (SAI) প্ৰতিজন এথলীটৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পেশাদাৰী চিকিৎসক, ৰান্ধনী তথা কেন্টিন মেনেজাৰ নিয়োগ কৰিবৰ বাবে সাজু হৈছে ৷ এই পেশাদাৰী ব্যক্তিসকলক ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰতিটো কেন্দ্ৰতে নিয়োগ কৰা হ'ব ৷ উল্লেখ্য যে, ক্ৰীড়া প্ৰাধিকৰণৰ দিল্লী, পাটিয়ালা, বাংগালুৰু, থিৰুৱনন্থপুৰম, কলিকতা, ভূপাল, গান্ধীনগৰ, লক্ষ্নৌ, ইম্ফল, গুৱাহাটী, মুম্বাই, ছোনেপাট, ঔৰংগবাদ, ৰোহটক আৰু এলেপ্পীত কেন্দ্ৰ আছে ৷

ক্ৰীড়া প্ৰাধিকৰণে ইতিমধ্যেই এই বিষয়বাব কেইটাৰ বাবে আবেদন পত্ৰৰ কথা ঘোষণা কৰিছে আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ছেপ্তেম্বৰৰ 15 তাৰিখৰ ভিতৰত এই আবেদন পত্ৰসমূহ দাখিল কৰিব লাগিব ৷ উল্লেখ্য যে, চিকিৎসক তথা ৰান্ধনী সকলৰ দৰমহা 1 লাখলৈকে হোৱাৰ সম্ভাৱনা আছে ৷

ইয়াৰোপৰি, এই কেন্দ্ৰসমূহত পৰিচালক সকলে হঠাৎ ভ্ৰমণ কৰিব আৰু প্ৰতিদিনে চিকিৎসক সকলে খেলুৱৈসকলৰ পৰ্যালোচনা কৰিব বুলি জানিব পৰা গৈছে ৷

SPORTS AUTHORITY OF INDIA TO HIRE NUTRITIONISTS, CHEFS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.