ETV Bharat / sports

Covid-19 মহামাৰী : প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ ৭৬ লাখ টকাৰ বৰঙণি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ

author img

By

Published : Mar 31, 2020, 5:38 PM IST

মহামাৰী ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ আৰ্থিক বৰঙণি বহু তাৰকা,সৰ্বসাধাৰণৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ । এইবাৰ আৰ্থিক সাহায্য প্ৰদান ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ SAIৰ ।

প্ৰধানমন্ত্ৰী সাহায্য পূঁজিলৈ ৭৬ লাখ টকাৰ বৰঙণি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ

স্পৰ্টছ ডেস্ক, ৩১ মাৰ্চঃ দেশত অব্যাহত আছে ক'ভিড-১৯ ৰ প্ৰকোপ । চৰকাৰে ক্ষীপ্ৰতাৰে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশত লকডাউন ঘোষণা কৰাৰ লগতে বহু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছে । আনহাতে এই যুদ্ধত দেশৰ জনসাধাৰণেও আৰ্থিক ভাৱে সাহয্য প্ৰধান কৰিছে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সাহয্য় পুঁজিলৈ । প্ৰধানমন্ত্ৰী সাহায্য় পুঁজিলৈ বৰঙণি আগবঢ়ালে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ।

ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইট যোগে এই কথা সদৰী কৰে । আনহাতে ক্ৰীড়া প্ৰাধিকৰণৰ কৰ্মকৰ্তা সকলৰ এই কাৰ্যক শলাগ লয় মন্ত্ৰীগৰাকীয়ে । গ্ৰুপ Aৰ ৩ দিনৰ, গ্ৰুপ Bৰ ২ দিনৰ আৰু অন্যান্য কৰ্মচাৰীৰ এদিনৰ মজুৰি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে । মুঠ ৭৬ লাখ টকা প্ৰধানমন্ত্ৰী সাহায্য পুঁজি কোষাগাৰলৈ প্ৰদান কৰা হৈছে । শনিবাৰে দেশৰ সংকটৰ সময়ত PM-CARES মুকলি কৰি দেশৰ নাগৰিকক সহায়ৰ বাবে আহ্বান কৰিছিল । য'ত বিপুল সহাৰী জনায় দেশৰ বিভিন্ন নাগৰিকৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে ।

  • I feel honoured to share that employees of Sports Authority of India have come forward to donate 3 days salary of Group A, 2 days of group B & 1 day of all other employees to #PMCARES fund to fight coronavirus. The total amount is 76 lakhs.#IndiaFightsCorona pic.twitter.com/amqYnlO1Fs

    — Kiren Rijiju (@KirenRijiju) March 30, 2020 " class="align-text-top noRightClick twitterSection" data="

I feel honoured to share that employees of Sports Authority of India have come forward to donate 3 days salary of Group A, 2 days of group B & 1 day of all other employees to #PMCARES fund to fight coronavirus. The total amount is 76 lakhs.#IndiaFightsCorona pic.twitter.com/amqYnlO1Fs

— Kiren Rijiju (@KirenRijiju) March 30, 2020 ">

ইতিমধ্যে বহু খেলুৱৈয়েও এই কোষাগাৰত আৰ্থিক সাহায্য প্ৰদান কৰিছে । ইয়াৰ ভিতৰত আছে শচীন তেণ্ডুলকাৰ, সুৰেশ ৰাইনা, সৌৰভ গাংগুলী, আজ্যিংকা ৰাহানে, হিমা দাস, পি.ভি সিন্ধু, বজৰং পুনীয়া, তৃষা ঘোষ,ঈশা সিঙকে ধৰি বহু অন্যান্য খেলুৱৈ । আনহাতে বিচিচিআইয়ো ৫১ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে । ভাৰতত বৰ্তমান লৈকে কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ১২০০ অতিক্ৰম কৰিছে । আনহাতে ১০০ ৰো অধিক ৰোগী সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : আইপিএল 2020 ক লৈ বৰ্তমানো অনিশ্চয়তা !

স্পৰ্টছ ডেস্ক, ৩১ মাৰ্চঃ দেশত অব্যাহত আছে ক'ভিড-১৯ ৰ প্ৰকোপ । চৰকাৰে ক্ষীপ্ৰতাৰে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশত লকডাউন ঘোষণা কৰাৰ লগতে বহু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছে । আনহাতে এই যুদ্ধত দেশৰ জনসাধাৰণেও আৰ্থিক ভাৱে সাহয্য প্ৰধান কৰিছে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সাহয্য় পুঁজিলৈ । প্ৰধানমন্ত্ৰী সাহায্য় পুঁজিলৈ বৰঙণি আগবঢ়ালে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ।

ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইট যোগে এই কথা সদৰী কৰে । আনহাতে ক্ৰীড়া প্ৰাধিকৰণৰ কৰ্মকৰ্তা সকলৰ এই কাৰ্যক শলাগ লয় মন্ত্ৰীগৰাকীয়ে । গ্ৰুপ Aৰ ৩ দিনৰ, গ্ৰুপ Bৰ ২ দিনৰ আৰু অন্যান্য কৰ্মচাৰীৰ এদিনৰ মজুৰি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে । মুঠ ৭৬ লাখ টকা প্ৰধানমন্ত্ৰী সাহায্য পুঁজি কোষাগাৰলৈ প্ৰদান কৰা হৈছে । শনিবাৰে দেশৰ সংকটৰ সময়ত PM-CARES মুকলি কৰি দেশৰ নাগৰিকক সহায়ৰ বাবে আহ্বান কৰিছিল । য'ত বিপুল সহাৰী জনায় দেশৰ বিভিন্ন নাগৰিকৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে ।

  • I feel honoured to share that employees of Sports Authority of India have come forward to donate 3 days salary of Group A, 2 days of group B & 1 day of all other employees to #PMCARES fund to fight coronavirus. The total amount is 76 lakhs.#IndiaFightsCorona pic.twitter.com/amqYnlO1Fs

    — Kiren Rijiju (@KirenRijiju) March 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইতিমধ্যে বহু খেলুৱৈয়েও এই কোষাগাৰত আৰ্থিক সাহায্য প্ৰদান কৰিছে । ইয়াৰ ভিতৰত আছে শচীন তেণ্ডুলকাৰ, সুৰেশ ৰাইনা, সৌৰভ গাংগুলী, আজ্যিংকা ৰাহানে, হিমা দাস, পি.ভি সিন্ধু, বজৰং পুনীয়া, তৃষা ঘোষ,ঈশা সিঙকে ধৰি বহু অন্যান্য খেলুৱৈ । আনহাতে বিচিচিআইয়ো ৫১ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে । ভাৰতত বৰ্তমান লৈকে কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ১২০০ অতিক্ৰম কৰিছে । আনহাতে ১০০ ৰো অধিক ৰোগী সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : আইপিএল 2020 ক লৈ বৰ্তমানো অনিশ্চয়তা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.