ETV Bharat / sports

Spanish Para badminton International ত তিনিটাকৈ স্বৰ্ণ অৰ্জন প্ৰমোদ ভগতৰ

author img

By

Published : Mar 7, 2022, 4:16 PM IST

টকিঅ' পেৰা অলিম্পিক চেম্পিয়ন বেডমিন্টন খেলুৱৈ প্ৰমোদ ভগতৰ আন এক সাফল্য ৷ Spanish Para badminton International ত একক, ডাবলছ আৰু মিক্সড ডাবলছত স্বৰ্ণ অৰ্জন প্ৰমোদ ভগতৰ(Pramod Bhagat wins Gold) ৷

Spanish Para badminton International
প্ৰমোদ ভগত

নিউজ ডেস্ক, 7 মাৰ্চ : টকিঅ' পেৰা অলিম্পিক চেম্পিয়ন বেডমিন্টন খেলুৱৈ প্ৰমোদ ভগতে স্পেইনৰ ভিক্টোৰিয়াত অনুষ্ঠিত Spanish Para badminton International II টুৰ্ণামেণ্টত তিনিটাকৈ স্বৰ্ণজয় কৰিবলৈ সক্ষম হয় । বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ প্ৰমোদ ভগতে একক শাখাত কুমাৰ নীতেশক 17-21,21-17,21-17 ব্যৱধানত পৰাস্ত কৰে ৷

আনহাতে ডাবলছত বিশ্বৰ এক নম্বৰ যুটি প্ৰমোদ ভগত আৰু মনোজ সৰকাৰে সুকন্ত কদম আৰু কুমাৰ নীতেশক 21-19, 11-21,21-11 ত পৰাজিত কৰি স্বৰ্ণ অৰ্জন কৰে । তাৰ পিছত ভগতে তেওঁৰ মিক্সড ডাবলছ সংগী পলক কোহলীৰ সৈতে যুটি বান্ধে আৰু প্ৰতিযোগিতাখনৰ তৃতীয়টো স্বৰ্ণ পদকৰ বাবে ভাৰতীয় যুটি ৰুথিক ৰাগুপতি আৰু মানসী গিৰীশ চন্দ্ৰ যোশীৰ বিৰুদ্ধে 14-21, 21-11, 21-14 ৰ ব্যৱধানত এক ৰোমাঞ্চকৰ জয়লাভ কৰে ।

লগতে পঢ়ক : জাদেজাৰ ক্ৰীড়াৰ যাদুৰে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত বৃহৎ জয় ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.