ETV Bharat / sports

উজবেকিস্তানত 6 টাকৈ ৰূপৰ পদ অসমৰ সিদ্ধান্ত গগৈৰ

author img

By

Published : Feb 20, 2020, 7:13 PM IST

সোণাৰিৰ ভাৰত্তোলক সিদ্ধান্ত গগৈৰ সাফল্য ৷ উজবেকিস্তানত অনুষ্ঠিত হোৱা জুনিয়ৰ এছিয়ান ভাৰত্তোলন প্ৰতিযোগিতাত অৰ্জন 6 টাকৈ ৰূপৰ পদক ৷

Silver Medal in uzbekistan, Sidhanta Gogoi, উজবেকিস্তানত 6 টাকৈ ৰূপৰ পদ অসমৰ সিদ্ধান্ত গগৈৰ
উজবেকিস্তানত 6 টাকৈ ৰূপৰ পদ অসমৰ সিদ্ধান্ত গগৈৰ

শিৱসাগৰ, 20 ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা অসমৰ ভাৰত্তোলক সিদ্ধান্ত গগৈৰ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা ৷ সুদূৰ উজবেকিস্তানত অনুষ্ঠিত হোৱা জুনিয়ৰ এছিয়ান ভাৰত্তোলন প্ৰতিযোগিতাত অৰ্জন কৰিবলৈ সক্ষম হ’ল ৰূপৰ পদক ৷ ভাৰত্তোলন প্ৰতিযোগিতাৰ 61 কিলোগ্ৰাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল সোণাৰিৰ সিদ্ধান্তই ।

প্ৰতিযোগিতাখনৰ স্নেটছত 118 কিলোগ্ৰাম আৰু জাৰ্কত 151 কিলোগ্ৰাম সহ সামগ্ৰিকভাৱে মুঠ 259 কিলোগ্ৰাম উত্তোলন কৰি ৰূপৰ পদক অৰ্জন কৰি অসম তথা ভাৰতৰ নাম বিশ্বত উজলাবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ।

মন কৰিবলগীয়া যে, চলিত বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত হৈ যোৱা খেল' ইণ্ডিয়া যুৱ গেমছতো বহুকেইটা পদক অৰ্জন কৰা লগতে ৰাষ্ট্ৰীয় চিনিয়ৰ প্ৰতিযোগিতাতো সফলতা অৰ্জন কৰিছিল সিদ্ধান্তই । এতিয়া সোণাৰিৰ ভাৰত্তোলক সিদ্ধান্তৰ এই সফলতাই গৌৰৱান্বিত কৰি তুলিছে ক্ৰীড়া সংগঠক পিতৃ দিতুল গগৈৰ, মাতৃ মনালিছা গগৈৰ লগতে সোণাৰিবাসীক । আনহাতে জেষ্ঠ ভাতৃৰ পথ অনুসৰণ কৰি সিদ্ধান্তৰ একমাত্ৰ ভনীয়েকো এতিয়া ব্যস্ত ভাৰত্তোলনৰ অনুশীলনত ।

undefined
মহিলা টি-20 বিশ্বকাপ 2020

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.