নেশ্যনেল ডেস্ক, ১২ জানুৱাৰী : অৱশেষত ভাৰতীয় বেডমিণ্টন তাৰকা চাইনা নেহৱালৰ ওচৰত ক্ষমা বিচাৰিলে অভিনেতা সিদ্ধাৰ্থই (Actor Siddharth apologises to Saina Nehwal) । চাইনাৰ টুইটৰ প্ৰতিক্ৰিয়াস্বৰূপে বিতৰ্কিত মন্তব্য কৰাক লৈ সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল অভিনেতাগৰাকী ।
চাইনা নেহৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পঞ্জাৱ ভ্ৰমণৰ নিৰাপত্তাত থকা ত্ৰুটি সম্পৰ্কে গভীৰ উদ্বেগ প্ৰকাশ কৰি টুইট কৰিছিল । সেই টুইটটোত সিদ্ধাৰ্থই ইতিকিঙৰ সুৰত কমেণ্ট কৰিছিল ।
সিদ্ধাৰ্থই খেলুৱৈগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি কয় যে কিছুদিন পূৰ্বে টুইটত কৰা মন্তব্যৰ বাবে তেওঁ দুখিতঃ । তেওঁ লগতে কয় যে, খেলুৱৈগৰাকীৰ সৈতে কোনো কথাত সন্মত নহ'লেও তেওঁৰ বিৰুদ্ধে হতাশা বা খং দেখুওৱাটো উচিত নহয় । তেওঁ কৰা ধেমালি যুক্তিসংগত নাছিল বুলিও স্বীকাৰ কৰে অভিনেতাজনে ।
-
Dear @NSaina pic.twitter.com/plkqxVKVxY
— Siddharth (@Actor_Siddharth) January 11, 2022 " class="align-text-top noRightClick twitterSection" data="
">Dear @NSaina pic.twitter.com/plkqxVKVxY
— Siddharth (@Actor_Siddharth) January 11, 2022Dear @NSaina pic.twitter.com/plkqxVKVxY
— Siddharth (@Actor_Siddharth) January 11, 2022
অভিনেতাজনে লগতে কয় যে তেওঁৰ সঁচাকৈয়ে খেলুৱৈগৰাকীৰ বিৰুদ্ধে শত্ৰুতাৰ মনোভাৱ নাছিল । সিদ্ধাৰ্থৰ মতে এগৰাকী মহিলা হিচাপে চাইনা নেহৱালক আক্ৰমণ কৰাৰো তেওঁৰ অভিপ্ৰায় নাছিল । খেলুৱৈগৰাকীক প্ৰশংসা কৰি সিদ্ধাৰ্থই কয় যে, চাইনা সদায় তেওঁৰ বাবে চেম্পিয়ন হৈ থাকিব । চাইনাই সকলো কথা পাহৰি তেওঁক ক্ষমা কৰি দিব বুলি সিদ্ধাৰ্থ আশাবাদী ।
ইফালে মঙলবাৰে চাইনা নেহৱালৰ পিতৃয়ে কৈছিল যে, অভিনেতা সিদ্ধাৰ্থৰ মন্তব্যক লৈ খেলুৱৈগৰাকী যথেষ্ট অসন্তুষ্ট হৈছে । সিদ্ধাৰ্থৰ মন্তব্যক গৰিহণাও দিয়ে চাইনাৰ পিতৃয়ে । ইয়াৰ পিছতে চাইনাৰ পিতৃ হৰবীৰ সিঙে সিদ্ধাৰ্থক এই মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনায় ।
ৰাষ্ট্ৰীয় মহিলা আয়োগেও সিদ্ধাৰ্থৰ বিতৰ্কিত টুইটটো বন্ধ কৰিবলৈ টুইটাৰ ইণ্ডিয়াক আহ্বান জনাইছিল । বহুতে আকৌ সিদ্ধাৰ্থৰ টুইটটোক যৌনতাবাদী আৰু বিদ্বেষমূলক আখ্যা দিছে ।
লগতে পঢ়ক : PM's photo removed from Covid certificate : ভেকচিন চাৰ্টিফিকেটৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰীৰ ফটো