স্প’ৰ্টছ ডেস্ক, 10 জুলাই : ২৩ জুলাইৰ পৰা টকিঅ'ত অনুষ্ঠিত হ'ব বিশ্বৰ শীৰ্ষ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক । ইতিমধ্যে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিখন দেশৰে খেলুৱৈসকল সাজু হৈছে । ভাৰতীয় খেলুৱৈসকলে টকিঅ' অলিম্পিকত (Tokyo olympic) সৰ্বাধিক পদক অৰ্জনৰ আশাত আছে । এই বিশেষ মুহুৰ্তত অলিম্পিকলৈ ৰাওনা হ'বলগীয়া ভাৰতীয় দলটোৰ বিভিন্ন সুবিধা-অসুবিধা তথা প্ৰস্তুতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) ।
শুকুৰবাৰে টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা অৱগত কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে টকিঅ'লৈ যাবলগীয়া খেলুৱৈসকলক প্ৰদান কৰা লজিষ্টিক বিৱৰণ, টীকাকৰণৰ স্থিতি, বহুমুখী সমৰ্থনৰ বিষয়ে আলোচনা কৰে । লগতে ভাৰতৰ দলটোৱে যাতে সকলো সুবিধা লাভ কৰিব পাৰে তাৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটযোগে প্ৰকাশ কৰা অনুসৰি ১৩ জুলাইৰ সন্ধিয়া ৫ বজাত টকিঅ' অলিম্পিকলৈ যাবলগীয়া খেলুৱৈসকলৰ সৈতে বাৰ্তালাপ কৰিব ৷
১৩০ কোটি ভাৰতীয়ৰ হৈ অলিম্পিকলৈ ৰাওনা হ'বলগীয়া খেলুৱৈসকলৰ সৈতে ১৩ জুলাইত বাৰ্তালাপত মিলিত হৈ শুভেচ্ছা জ্ঞাপন কৰিব মোডীয়ে ৷
-
Reviewed preparations for facilitation of India’s contingent at @Tokyo2020. Discussed the logistical details, their vaccination status, the multi-disciplinary support being given. pic.twitter.com/JELGZsls3X
— Narendra Modi (@narendramodi) July 9, 2021 " class="align-text-top noRightClick twitterSection" data="
">Reviewed preparations for facilitation of India’s contingent at @Tokyo2020. Discussed the logistical details, their vaccination status, the multi-disciplinary support being given. pic.twitter.com/JELGZsls3X
— Narendra Modi (@narendramodi) July 9, 2021Reviewed preparations for facilitation of India’s contingent at @Tokyo2020. Discussed the logistical details, their vaccination status, the multi-disciplinary support being given. pic.twitter.com/JELGZsls3X
— Narendra Modi (@narendramodi) July 9, 2021
প্ৰধানমন্ত্ৰী গৰাকীয়ে খেলুৱৈসকলক শ্ব’-পিচ ইভেণ্টত অংশগ্ৰহণ কৰাৰ পূৰ্বে অনুপ্ৰাণিত কৰিব । এতিয়ালৈকে ১১৫ জনতকৈও অধিক ভাৰতীয় খেলুৱৈয়ে টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ২০১৬ ৰিঅ' অলিম্পিকত (Rio Olympic) ১১৭ গৰাকী ভাৰতীয় খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছিল আৰু ৬ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । এইবাৰ ভাৰতীয় খেলুৱৈসকলে টকিঅ'ত সেই পদকৰ সীমা অতিক্ৰম কৰিব পাৰিব বুলি আশা কৰা হৈছে ।
ইয়াৰ মাজতে টকিঅ'ত বৃদ্ধি পাইছে ক'ভিড 19 (Covid 19) আক্ৰান্তৰ সংখ্যা । যাৰ বাবে বৃহস্পতিবাৰে টকিঅ' অলিম্পিক দৰ্শকৰ অবিহনে অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে । আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুৰব্বী থমাছ বাক আৰু চাৰিটা সংস্থা, আয়োজক সমিতি, আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক সমিতিৰ লগতে জাপানী আৰু টকিঅ' মহানগৰীয় চৰকাৰৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা এখন সভাত দৰ্শকসকলক বাদ দিয়াৰ সিদ্ধান্তত সন্মতি জনোৱা হৈছিল ।
লগতে পঢ়ক : দেশৰ অক্সিজেন নাটনিক লৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ বৈঠক