ETV Bharat / sports

Asian Games 2023: ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত স্বৰ্ণজয় পলকৰ; ইশাৰ ৰূপৰ পদক লাভ - Asian Games India medal tally

এছিয়ান গেমছত পুনৰ শ্বুটিং ইভেণ্টত ভাৰতৰ পদক লাভ । ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ ব্যক্তিগত চূড়ান্ত ইভেণ্টত ভাৰতীয় শ্বুটাৰ পলকে সোণৰ পদক লাভ কৰে । আনহাতে ঈশা সিঙে ৰূপৰ পদক লাভ কৰে ।

Asian Games 2023
১০ মিটাৰ এয়াৰ পিষ্টল শাখাত পলক আৰু ঈশাৰ পদক লাভ
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 11:51 AM IST

স্পৰ্টছ ডেস্ক,২৯ ছেপ্টেম্বৰ : চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰসকলে এটাৰ পাছত আন এটা পদক লাভ কৰিবলৈ সক্ষম হৈছে । এইবাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ ব্যক্তিগত চূড়ান্ত ইভেণ্টত দুটাকৈ পদক লাভ ভাৰতৰ । ভাৰতীয় শ্বুটাৰ পলকে সোণৰ পদক লাভ কৰাৰ সমান্তৰালকৈ ঈশা সিঙে ব্যক্তিগত চূড়ান্ত ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে ।

এছিয়ান গেমছৰ শ্বুটিং ইভেণ্টত অভিলেখ সৃষ্টি কৰা ভাৰতৰ খেলুৱৈ ১৭ বছৰীয়া পলকে শান্তভাৱে যি প্ৰদৰ্শন কৰে, ই সকলোকে হতবাক কৰি তোলে । তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল ব্যক্তিগত প্ৰতিযোগিতাত অভিলেখ মুঠ ২৪২.১ পইণ্টৰ সৈতে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । লক্ষণীয়ভাৱে, পলকে জাকাৰ্টা এছিয়ান গেমছ ২০১৮ৰ পাছত হে শ্বুটিং আৰম্ভ কৰিছিল । ইভেণ্টত পাকিস্তানী শ্বুটাৰ কাচমালা তালাতে ব্ৰঞ্জৰ পদক লাভ কৰে ।

ঈশা সিঙে মুঠ ২৩৯.৭ পইণ্টৰ সৈতে চলিত এছিয়ান গেমছৰ চতুৰ্থটো পদক লাভ কৰে আৰু ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ ব্যক্তিগত চূড়ান্ত ইভেণ্টত ৰূপৰ পদক লাভ কৰে । তেওঁ ভাৰতৰ স্বৰ্ণ জয়ী পলকত কৈ কেৱল ২.৬ পইণ্টৰ ব্যৱধানত আছিল ।

এতিয়ালৈকে, ১৮ বছৰীয়া খেলুৱৈগৰাকীয়ে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত দুটা দলীয় পদক, ২৫ মিটাৰ পিষ্টল ইভেণ্টত এটা সোণ আৰু ২৫ মিটাৰ পিষ্টল ইভেণ্টত এটা ব্যক্তিগত ৰূপ লাভ কৰিছে । এছিয়ান গেমছ ২০২২ ত এগৰাকী ভাৰতীয়ৰ দ্বাৰা এয়া সৰ্বাধিক ব্যক্তিগত পদক ।

ইয়াৰ পূৰ্বে দিব্যা থাদিগোল চুব্বাৰাজুৰ সৈতে পলক আৰু ঈশাই মুঠ ১৭৩১ পইণ্ট অৰ্জন কৰি ১০ মিটাৰ এয়াৰ পিষ্টল দলীয় শাখাত ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰে । আনহাতে চীনে ১৭৩৬ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰে । চীন টাইপেই ১৭২৩ পইণ্টৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে ।

বাকী শ্বুটাৰসকলেও ভাৰতৰ হৈ যুঁজ অব্যাহত ৰাখিছে । পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ শাখাত তিনি গৰাকী ভাৰতীয় ক্ৰমে অশ্বৰী প্ৰতাপ সিং তোমাৰ, স্বপ্নিল কুচালে আৰু অখিল শ্বেৰানে সোণৰ পদক লাভ কৰে । ভাৰতৰ হাতত এতিয়া ৮ টা সোণ, ১১ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদকৰ সৈতে ৩০ টা পদক আছে ।

লগতে পঢ়ক :Asian Games 2023: শ্বুটিং ইভেণ্টত দোহা এছিয়ান গেমছৰ অভিলেখ ভংগ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.