ETV Bharat / sports

লং জাম্প খেলুৱৈ লুভো মান্যোঙ্গাক 4 বছৰৰ নিষেধাজ্ঞা - ড'পিং পৰীক্ষা

অলিম্পিকত লং জাম্পৰ ৰূপৰ পদক বিজয়ী লুভো মান্যোঙ্গাক শুক্ৰবাৰে ড'পিং পৰীক্ষাৰ পৰা বিৰত থকাৰ বাবে আৰোপ কৰা হৈছে চাৰি বছৰৰ বাবে নিষেধাজ্ঞা ৷ চাৰি বছৰৰ নিষেধাজ্ঞাত টকিঅ' অলিম্পিক আৰু ২০২৪ চনৰ পেৰিছ অলিম্পিক খেলাৰ পৰা বঞ্চিত হ’ব ।

Olympic silver medalist Luvo Manyonga banned for 4 years
ৰূপৰ পদক বিজয়ী লুভো মান্যোঙ্গাক 4 বছৰৰ নিষেধাজ্ঞা
author img

By

Published : Jun 19, 2021, 11:06 AM IST

স্পৰ্টছ ডেক্স, 19 জুন : অলিম্পিকত লং জাম্পত ৰূপৰ পদক বিজয়ী লুভো মান্যোঙ্গাক শুকুৰবাৰে ড'পিং পৰীক্ষাৰ পৰা বিৰত থকাৰ বাবে চাৰি বছৰৰ বাবে নিষিদ্ধ কৰা হয় ৷ খেলুৱৈ গৰাকীয়ে পৰৱৰ্তী দুখন গ্ৰীষ্মকালীন গেমছৰ পৰা বঞ্চিত হ'ব বুলি জানিব পৰা গৈছে । ট্ৰেক এণ্ড ফিল্ড এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে জনোৱা মতে যে মান্যোঙ্গাৰে এটা বছৰত তিনিটাকৈ ড’পিং টেষ্টৰ নিয়ম উলংঘা কৰিছিল ৷

Olympic silver medalist Luvo Manyonga banned for 4 years
ৰূপৰ পদক বিজয়ী লুভো মান্যোঙ্গাক 4 বছৰৰ নিষেধাজ্ঞা

২০১৭ চনৰ বিশ্ব চেম্পিয়নগৰাকীৰ চাৰি বছৰীয়া নিষেধাজ্ঞা ২০২৪ চনৰ ডিচেম্বৰলৈ থাকিব ৷ চাৰি বছৰৰ নিষেধাজ্ঞাত টকিঅ' অলিম্পিক আৰু ২০২৪ চনৰ পেৰিছ অলিম্পিক খেলাৰ পৰা বঞ্চিত হ’ব । উল্লেখ্য যে খেলুৱৈ গৰাকীয়ে মেথাম্ফেটামিনৰ টেষ্টত পজিটিভ পোৱা গৈছিল আৰু ২০১২ চনত ১৮ মাহৰ বাবে নিষিদ্ধ কৰা হৈছিল । মান্যোঙ্গাৰ শেহতীয়া অনুশাসনমূলক গোচৰৰ প্ৰকাশিত ৰায়ৰ শুনানিত অংশগ্ৰহণ কৰিবলৈ কৰা অনুৰোধ কৰা হৈছিল যদিও শুনানিত অংশগ্ৰহণ কৰা নাছিল খেলুৱৈ গৰাকীয়ে ।

২০১৬ চনৰ ৰিঅ' ডি জেনেৰিঅ' অলিম্পিকত মান্যোঙ্গাই ৰূপৰ পদক অৰ্জন কৰিছিল আৰু এবছৰ পিছত লণ্ডনত ৮.৪৮ মিটাৰত বিশ্ব খিতাপ জয় কৰিছিল । লুভো মান্যোঙ্গাই ২০১৯ চনত কাটাৰৰ দোহাত চতুৰ্থ স্থান লাভ কৰিছিল ৷

লগতে পঢ়ক : অৱশেষত বাতিল হ’ল HSLC & HS ৰ চূড়ান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.