নিউজ ডেস্ক, 15 মে': নেশ্যনেল ৰাইফল এছচিয়েচন ইণ্ডিয়াই (NRAI) ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে বৃহস্পতিবাৰে প্ৰস্তাৱিত কৰে ৰাইফলাৰ অঞ্জুম মওদগিলৰ নাম । ইপিনে মনু ভাকেৰ (পিষ্টল) নাম প্ৰস্তাৱিত কৰে অৰ্জুন বঁটাৰ বাবে ।

ভাকেৰ ওপৰিও, সৌৰভ চৌধাৰী (পিষ্টল), অভিষেশ বৰ্মা (পিষ্টল) আৰু ইলাভেনিল ভালাৰিভান (ৰাইফল)ৰ নামো অৰ্জুন বঁটাৰ বাবে প্ৰস্তাৱিত কৰা হৈছে ।
ইপিনে দ্ৰোণাচাৰ্য বঁটাৰ বাবে চৰকাৰী সমিতিখনে প্ৰস্তাৱিত কৰিছে পিষ্টল প্ৰশিক্ষক যশপাল ৰানাৰ নাম ।

যি কোনো খেল লগত জৰিত কোনো খেলুৱৈৰ চাৰি বছৰৰ অতি সুন্দৰ পদৰ্শনৰ ওপৰত ভিত্তি কৰি ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰদান কৰা হয় ।