স্পৰ্টছ ডেস্ক, 30 মাৰ্চ: অৱশেষত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিক্ছ চেম্পিয়নশ্বিপ স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে এথলেটিক্ছ ফেডাৰেশ্বন অফ ইণ্ডিয়াই ৷ 25 ৰ পৰা 28 জুনৰ মাজত বেংগালুৰুত অনুষ্ঠিত হোৱাৰ কথা আছিল এই ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিক্ছ চেম্পিয়নশ্বিপৰ ৷ স্থগিতৰ ঘোষণাৰ পাচতেই নতুন বৰ্ষৰ কাৰ্যপ্ৰণালী প্ৰস্তুতৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এথলেটিক্ছ ফেডাৰেশ্বন অফ ইণ্ডিয়াই ৷
অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবেই আয়োজন কৰাৰ কথা আছিল এই প্ৰতিযোগিতা ৷ কোভিড-19 ৰ মহামাৰীৰ বিশ্বব্যাপী ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই বৰ্ষচ অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকো স্থগিত কৰা হৈছে ৷
এথলেটিক্ছৰ ৰাষ্ট্ৰীয় সহায়ক প্ৰশিক্ষক ৰাধাকৃষ্ণণ নায়াৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি কয় যে, যদিহে স্থিতি মে’ আৰু জুন মাহলৈ অনুকুল হৈ উঠে তেন্তে আগষ্টৰ পিচত অনুষ্ঠিত কৰা হ’ব এই প্ৰতিযোগিতা ৷
ইতিমধ্যে কৰ’ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি 2020 টকিঅ’ অলিম্পিকৰ লগতে বহু আন্তঃৰাষ্ট্ৰীয় খেল স্থগিত কৰা হৈছে ৷
লগতে চাওক- বিগত 15 দিনৰ পৰা মোৰ ক্ৰিকেটৰ বিষয়ে একো চিন্তা অহা নাই: হৰভজন সিং